"গুৱাহাটীত তলাবন্ধৰ ফলাফল লাভ আৰম্ভ হৈছে,হ্ৰাস হৈছে আক্ৰান্তৰ সংখ্যা"-মন্ত্ৰী পীয়ুষ হাজৰিকা

পীয়ুষ হাজৰিকা

"উদ্বেগজনকভাৱে গাঁৱত বৃদ্ধি হৈছে ক'ভিড আক্ৰান্তৰ সংখ্যা"


"গুৱাহাটীয়ে লাভ কৰিছে তলাবন্ধৰ ফলাফল।যথেষ্ট পৰিমানে হ্ৰাস পাইছে গুৱাহাটীত ক'ভিড-১৯ আক্ৰান্ত"-এই গুৰুত্বপূৰ্ণ মন্তব্য ৰাজ্যিক স্বাস্থ্যমন্ত্ৰী পীয়ুষ হাজৰিকাৰ। 

গুৱাহাটীত বান সাহায্য বিতৰণ কাৰ্যসূচীত অংশগ্ৰহণ কৰি মন্ত্ৰী হাজৰিকাই মহানগৰীৰ জনতাক এই ভাল খবৰ দিয়াৰ বিপৰীতে উদ্বেগজনকভাৱে গাঁও অঞ্চলত ক'ভিড আক্ৰান্তৰ সংখ্যা বৃদ্ধি হোৱা বুলি তেওঁ স্বীকাৰ কৰে।

ৰাইজক সজাগ-সচেতন হোৱাৰ আহ্বান জনাই মন্ত্ৰী হাজৰিকাই কয়-"জনতা সজাগ হৈ থাকিলে ক'ৰ'নাৰ বিৰুদ্ধে আমি জয়ী হ'ম।"

ইফালে,ভাৰত চৰকাৰৰ 'আনলক-৩' গাইডলাইন অসমত সামান্য সাল-সলনি হ'ব বুলিও তেওঁ প্ৰকাশ কৰে।ৰাজ্য চৰকাৰে শীঘ্ৰেই এই সন্দৰ্ভত নতুন নীতি নিৰ্দেশনা জাৰি কৰিব বুলি মন্ত্ৰীগৰাকীয়ে কয়।

'লায়নছ ক্লাব'ৰ বান সাহায্য প্ৰদান অনুষ্ঠানত উপস্থিত থাকি মন্ত্ৰীগৰাকীয়ে কয়-"দুৰ্যোগৰ সময়ত প্ৰতিজন অসমীয়াই এজনে আনজনৰ  সহায় কৰিব লাগে। ৰাজ্যত আক্ৰান্তৰ হাৰ কমিছে যদিও স্ফূৰ্তি কৰিব নালাগে।এজনৰ পৰাই বহুজন আক্ৰান্ত হ'ব পাৰে।গতিকে সকলোৱে সামজিক দূৰত্ব বজাই ৰখাৰ লগতে মাস্ক পৰিধান কৰি সচেতন হৈ থাকক।"

Your Comments