মহানগৰীৰ এগৰাকী মহিলা সাংবাদিকক প্ৰাণনাশৰ ভাবুকি:দিছপুৰ থানাত এজাহাৰ দাখিল

Journalist

ক'ৰ'না আতংকৰ মাজতে গুৱাহাটীত এগৰাকীৰ মহিলা সাংবাদিকক প্ৰাণনাশৰ ভাবুকি।'এনই ফকাচ ডটকম' নামৰ ৱেব পৰ্টেলৰ সম্পাদক সংগীতা শইকীয়াক প্ৰাণনাশৰ ভাবুকি এজন যুৱকৰ।

সাংবাদিকগৰাকীয়ে জানিবলৈ দিয়া মতে মঙলবাৰে দিনৰ প্ৰায় ১১.৪৫ বজাত ডেকা নামৰ ভিডি'অ এডিটৰ গৰাকীয়ে সিনহা নামৰ যুৱতী এগৰাকীৰ  সৈতে আহি ৱেব পৰ্টেলটোৰ কাৰ্যালয়ত উপস্থিত হৈ অশ্লীলভাৱে গালি-গালাজ কৰাৰ লগতে দুৱাৰত ঢকিয়াই সাংবাদিকগৰাকীক প্ৰাণনাশৰো ভাবুকি দিয়ে।

ইফালে,সমগ্ৰ ঘটনাৰ সন্দৰ্ভত গুৱাহাটী দিছপুৰ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে প্ৰাণৰ সংশয়ত ভোগা মহিলা সাংবাদিকগৰাকীয়ে।

গুৰুত্বপূৰ্ণ যে অকলে কাৰ্যালয় চলায় সাংবাদিক শইকীয়াই।ফলত,এই ভাবুকিৰ পিছত নিৰাপত্তাহীনতাত ভোগা বুলিও জানিবলৈ দিয়ে।

Your Comments