"ৰন্ধা ভাত বঢ়া ভাগেই থাকিল,ল'ৰাটোক কোনোবাই বগা গাড়ীখনত উঠাই লৈ গ’ল:ক'লে...

Student

"এখন বগা ৰঙৰ গাড়ী আহিছিল।সেই গাড়ীখনতে দীপজ্যোতিক উঠাই নিলে। তেতিয়া আমাক একো কোৱা নাছিল।কেৱল বাহিৰলৈ গৈছিল দীপজ্যোতি।সময় তেতিয়া প্ৰায় ৮ বাজিছিল। ঘৰৰ পৰা যি ওলাই গ’ল দীপজ্যোতি আৰু ঘূৰি নাহিল।আমি ততাতৈয়াকৈ ডিমৌ থানালৈ গ’লো। তাতে সি আছে বুলি জানিলো।তাৰ পিছত আৰু একোকে খবৰ পোৱা নাই।”এয়া দীপজ্যোতি গগৈৰ পিতৃৰ ভাষ্য।দীপজ্যোতি গগৈ গুৱাহাটী বিশ্ববিদ্যালয়ৰ ছাত্ৰ।শিৱসাগৰ জিলাৰ ডিমৌ সমীপৰ থাওৰাত ঘৰ তেওঁৰ।থাওৰাৰ ঘৰৰ সমীপৰ পৰাই তেওঁক নিশাৰ ভাগত প্ৰথমে আৰক্ষীয়ে আটক আৰু পৰৱৰ্তী সময়ত গ্ৰেপ্তাৰ কৰা বুলি জানিব পৰা গৈছে।নিশা গ্ৰেপ্তাৰ কৰাৰ পিছত বৰ্তমান মহানগৰীৰ পাণবজাৰ আৰক্ষী থানাত ৰখা হৈছে বুলি এটা সূত্ৰই সদৰি কৰিছে।

পুত্ৰক আৰক্ষীয়ে কিয় গ্ৰেপ্তাৰ কৰিলে বুলি দীপজ্যোতিৰ পিতৃ বিনোদ গগৈক সোধা হৈছিল। তেওঁৰ মতে,“সেই বিষয়ে পৰিয়ালৰ লোক অৱগত নহয়।নিশা প্ৰায় ৮ বজাত ঘৰৰ পৰা দীপজ্যোতি ওলাই গৈছিল।তাৰ পিছতে তেওঁক বিচাৰি ঘৰলৈ ল'ৰা এজন আহিছিল। কিন্তু সি নাই বুলি আমি জনালো।পিছত আন এজন ল'ৰাই আহি ক’লে দীপজ্যোতিক ব'গা ৰঙৰ গাড়ী এখনত উঠাই নিছে।”

“টকা নাই, বানাক্ৰান্তক সাহায্য দিব লাগিব ৰাইজে”ই বুলি মুখ্যমন্ত্ৰীৰ নামত এখন ভুৱা গোহাৰি ভাইৰেল কৰাৰ অভিযোগ তেওঁৰ বিৰুদ্ধে আছে বুলি অসম আৰক্ষীৰ অপৰাধ শাখাৰ এক সূত্ৰই সদৰি কৰিছে।লগতে,সূত্ৰটোৱে জনোৱা অনুসৰি এই সন্দৰ্ভত ৰুজু হোৱা এটা গোচৰৰ বাবেই গ্ৰেপ্তাৰ কৰা হৈছে দীপজ্যোতিক।তেওঁক ভাৰতীয় দণ্ডবিধি আইনৰ ৪২০ নম্বৰ ধাৰাৰ অধীনত গ্ৰেপ্তাৰ কৰা হৈছে।

দীপজ্যোতিক গ্ৰেপ্তাৰ কৰাৰ পিছতে বিভিন্ন মহলত প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে।আন এটা সূত্ৰই আকৌ গ্ৰেপ্তাৰৰ কাৰণ এটা কবিতা বুলিহে জানিবলৈ দিছে।ৰাষ্ট্ৰলৈ এখন মুকলি চিঠি নামেৰে এটা কবিতা আবৃত্তি কৰি ইউটিউবত আপলোড কৰাৰ অপৰাধত  দীপজ্যোতিক      গ্ৰেপ্তাৰ কৰা  হৈছে বুলি সেই সূত্ৰটোৱে ক'বলৈ বিচাৰিছে।ৰাজু চেতিয়া ফুকন নামৰ আন এজন একেখন বিশ্ববিদ্যালয়ৰে ছাত্ৰৰ এটা কবিতা আবৃত্তি কৰিছিল দীপজ্যোতিয়ে।

Your Comments