ক'ৰ'না ভাইৰাছ সন্দৰ্ভত অসম আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তৰ সংবাদমেল।সংবাদমেলত তেওঁ কয়-"আমাৰ বাবে এয়া কঠিন সময়।বহু লোক আক্রান্ত হৈছে ক'ৰ'নাত।কঠিন সময়ৰ মাজতো ৰাইজৰ মাজত থাকি কাম কৰিছে অসম আৰক্ষীয়ে।"
উলুবাৰীৰ আৰক্ষী মুখ্য কার্যালয়ত সংবাদমেল সম্বোধন কৰি মহন্তই কয়-"পূৰ্বেই ধাৰণা কৰা হৈছিল ক'ৰ'নাৰ এনেকুৱা এটা পৰিৱেশ হ'ব পাৰে।অসম আৰক্ষীৰ সাজু হৈছিল আগতেই।"
"অসম আৰক্ষীৰ সকলো লোকৰ মনোবল বৃদ্ধিৰ বাবে কাম কৰা হৈছে।অসম আৰক্ষীৰ ২২০ জন ক'ৰ'নাত আক্ৰান্ত হৈছে।কোৱাৰেন্টাইনত আছে ৯৩২ জন"-মহন্তই লগতে কয়।
"ক'ৰ'নাৰ সৈতে যুঁজ দিয়াৰ বাবে অসম আৰক্ষীয়ে এটা বিশেষ ব্যৱস্থাপনা সাজু কৰিছে।আক্ৰান্তসকলৰ সৈতে দিনে দুবাৰকৈ ফোন কৰি সা-সুবিধাৰ খবৰ লৈছে।
সাজু কৰি তোলা হৈছে হেল্প ডেস্ক"-তেওঁ লগতে জানিবলৈ দিয়ে।
"ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ প্ৰতি অসম আৰক্ষীৰ চিৰকৃতজ্ঞ।কাৰণ,তেওঁ অনবৰতে আৰক্ষীৰ লোকসকলৰ মনোবল বৃদ্ধিৰ চেষ্টা কৰিছে"-এইদৰে কয় মহন্তই।
ইফালে,ক'ৰনাৰ এই জটিল সময়তো উগ্ৰপন্থী বিৰোধী অভিযান হ্ৰাস পোৱা নাই বুলি গুৰুত্বপূৰ্ণ মন্তব্য কৰি মহন্তই কয়
"অবৈধ মাৰণাস্ত্ৰ,ড্ৰাগছ ইত্যাদিৰ উদ্ধাৰ চলি আছে।অপৰাধ নিয়ন্ত্ৰণ কৰাৰ ক্ষেত্ৰতো পিছ হুহুকা নাই আৰক্ষী"।
উল্লেখ যে খানাপাৰা কোভিড কেয়াৰ কেন্দ্ৰত এটা ইউনিট আৰক্ষীৰ বাবেই দিয়া হৈছে।
সমাজৰ শান্তি-শৃংখলা বৰ্তাই ৰখাৰ ক্ষেত্ৰত সকলোকে সজাগ হোৱাৰ আহ্বান জনাই মহন্তই কয়-"সামাজিক মাধ্যমত তীক্ষ্ণ নজৰ ৰখা হৈছে"।
ক'ভিড আক্ৰান্ত হ'লে আতংকিত হ'ব লগা কোনো কাৰণ নাই বুলি উল্লেখ কৰি মহন্তই কয়-"আৰক্ষীৰ আক্ৰান্তসকলৰ অৱস্থা সুস্থ।"
- Log in to post comments
- 10 views