কাৰাগাৰত পুনৰ অসুস্থ অখিল:পত্নী গীতাশ্ৰীয়ে কি ক'লে পঢ়ক

Akhil Gogoi

*অখিল অসুস্থ,ক'ভিডৰ লক্ষণ!কি ক'ম বুজি পোৱা নাই-গীতাশ্ৰী তামুলী*

গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত অসুস্থ কৃষক নেতা অখিল গগৈ।জ্বৰ-কাহত আক্রান্ত কাৰাৰুদ্ধ কৃষক নেতাগৰাকী।কৃষক নেতাগৰাকীৰ দেহত ক'ৰ'না লক্ষণ দেখা দিয়াৰ কথাও ইতিমধ্যে বিভিন্ন সংবাদ মাধ্যমত প্ৰকাশ পাইছে।উল্লেখ যে চানমাৰিৰ 'নিয়া' আদালতে কৃষক নেতাগৰাকীৰ স্বাস্থ্য পৰীক্ষা কৰাৰ বাবে ইতিমধ্যে নির্দেশ দিছে যদিও গগৈক কৰোৱা হোৱা নাই স্বাস্থ্য পৰীক্ষা।

ইফালে,স্বামীৰ অসুস্থতাকৰ কথা নাজানে পত্নী গীতাশ্ৰী তামুলীয়ে।ক'ৰ'না ভাইৰাছৰ বাবে কাৰাগাৰত দিয়া হোৱা নাই সাক্ষাতৰ অনুমতি।

সামাজিক মাধ্যম ফেচবুকত পত্নী গীতাশ্ৰীয়ে অখিলৰ অসুস্থতা সন্দৰ্ভত নিজৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰি লিখিছে এইদৰে-
"কেইবামাহো হ'ল।ঘৰত টিভি নাই।বহু কথা নজনাকৈ ৰৈ যায়।ফেচবুকত দেখিছোঁ, অখিলৰ শৰীৰ অসুস্থ,ক'ভিডৰ লক্ষণ।কি ক'ম বুজি পোৱা নাই।বহুতে মোক ফোন কৰি বা আন ধৰণেৰেও সোধে, 'দাদা ভালে আছেনে?' কিন্তু মইনো কি জানো?কাৰ্যত: গুৱাহাটীৰ পৰা লৈ যোৱাৰ পিছত লগ ধৰিব পৰা নাই। আগেয়ে এনএছএত গ্ৰেপ্তাৰ কৰি ঘূৰাই ফুৰোতে মাজৰাতি থানা এখনৰ পৰা ফোন কৰি জনাইছিল।এইবাৰ কোনো বতৰা নাই, ফোন নাই।ডিব্ৰুগড়ত থাকোঁতে অসম আৰক্ষীৰ ডিজিপি মহোদয়ক ফোন কৰাত উপায়ুক্তক অনলাইন এপ্লিকেচন দিবলৈ ক'লে।দিলো।দুসপ্তাহ মানৰ পিছত উত্তৰ আহিল, 'Rejected' আৰু তাৰ কাৰণো 'Rejected'।গুৱাহাটীলৈ আহিল।বাৰে বাৰে জেলৰ সন্মুখৰ পৰা ঘূৰি আহিলো।নিয়া ক'ৰ্টৰ অনুমতি লৈ গ'লেও আমাক,মানে অধিবক্তা আৰু মোক ক'ৰ'নাৰ দোহাই দি লগ ধৰাৰ অনুমতি নিদিলে।২৯ জুনত ক'ৰ্টত হাজিৰ কৰাব বুলি বাট চালো।তাৰ আগতে গুৱাহাটীত লকডাউন।এতিয়া বাতৰি-কাকত বা চেনেলকেইটাৰ বাহিৰে জনাৰ একো উপায় নাই।আইনী পৰামৰ্শ,সেই বিষয়ৰ আলোচনা, বেমাৰ-এইবোৰ এতিয়া অভিযুক্ত,তেওঁলোকৰ পৰিয়ালবোৰৰ অধিকাৰৰ ক্ষেত্ৰত নপৰিবও পাৰে।এতিয়া যে ক'ভিডে অনা জৰুৰী অৱস্থা চলি আছে।তথাপি মোৰ হাতত থকা একমাত্ৰ মাধ্যমটোৰে মোৰ এই উদ্বিগ্নতাখিনি উলিয়াই দিলো।"

উল্লেখ যে 'কা' বিৰোধী আন্দোলনৰ বাবে যোৱা ডিচেম্বৰ মাহৰ পৰা বন্দী হৈ আছে কৃষক নেতাগৰাকী।ইটোৰ পিছতো সিটো গোচৰ গগৈৰ ওপৰত চৰকাৰে জাপি দিছে।

Your Comments