'গুৱাহাটীৰ পৰিৱেশ অত্যন্ত জটিল হৈছে'-ডঃ হিমন্ত বিশ্ব শৰ্মা
গুৱাহাটীত ক'ৰ'না পৰিৱেশ অত্যান্ত জটিল হৈছে।২৪ জুনৰ পৰা ১ জুলাইলৈ কামৰূপ(ম) জিলাত ক'ৰনা আক্রান্ত হৈছে প্ৰায় ১৪০০লোক।মঙলবাৰে ৩৮২ জন আক্রান্ত হোৱা জিলাখনত বুধবাৰৰ দিনটোত ১৫৭জন নতুনকৈ আক্রান্ত হৈছে।এই কথা প্ৰকাশ কৰিলে ৰাজ্যৰ স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।
গুৱাহাটীবাসী জনতা অতি সাৱধান হোৱাৰ প্ৰয়োজন আছে বুলি উল্লেখ কৰি মন্ত্ৰী ড:শৰ্মাই কয়-"পৰিৱেশৰ সৈতে যুুঁজ দিবলৈ দুদিনৰ পিছত নতুন পদ্ধতিত হ'ব টেষ্ট।"কভি'ড-১৯ এজি" টেষ্ট গুৱাহাটীত আৰম্ভ কৰাৰ বাবে কেন্দ্ৰীয় চৰকাৰে নির্দেশ দিছে।য'ত শ্বোৱাব দিয়া ১ঘণ্টাৰ ভিতৰত লাভ কৰিব ফলাফল।যিসকলৰ ফলাফল নিগেটিভ আহিব,সেই সকলক পুনৰ সাধাৰণ টেষ্ট কৰা হ'ব।"বুধবাৰৰ সন্ধিয়াৰে পৰা ক'ভিড ফলাফল লাভ কৰিব CovidAssam.in ত।ৱেবছাইটৰ জড়িয়তে ফলাফল লাভ কৰিবলৈ এছআৰএফ নম্বৰটো টাইপ কৰিব লাগিব বুলি তেওঁ লগতে কয়।
উল্লেখ যে গুৱাহাটীত প্ৰায় ১৯হাজাৰ টেষ্ট সম্পন্ন হৈছে।জনতা ভৱনত সম্বোধন কৰা সংবাদমেলখনত মন্ত্ৰী শৰ্মাই কয়-"কভি'ড কেয়াৰ চেণ্টাৰত থকা লোকলৈ ঘৰৰ পৰা খাদ্য পঠাব পাৰিব।ভৰ্তি হৈ থকা চিকিৎসালয়খনৰ নিৰ্দিষ্ট কাউণ্টাৰত খাদ্য সামগ্রী পৰিয়ালৰ লোকে দিব পাৰিব।"
গুৱাহাটীত অহা সপ্তাহৰ পৰা আৰম্ভ হ'ব প্লাজমা চিকিৎসা।প্ৰশিক্ষণ ইতিমধ্যে প্ৰদান কৰি থকা হৈছে।ক'ৰ'নাৰ পৰা সুস্থ হৈ উঠাসকলে দিব পাৰিব প্লাজমা।
"গুৱাহাটীত বৰ্তমান সময়ত ক'ভিড বেড আছে ১৫৩৮ খন।তাৰে ৯৮৭খন ভৰ্তি হৈছে।খানাপাৰা ক'ভিড কেয়াৰ চেণ্টাৰত আজিৰে পৰা ৰখা হ'ব ৰোগী।মুঠ বেড আছে ৮০০খন"-মন্ত্ৰী ড: শৰ্মাই এই কথা লগতে কয়।
গুৱাহাটীৰ পৰিৱেশৰ ওপৰত ভিত্তি কৰি প্ৰায় তিনি হাজাৰ ক'ভিড বেড প্ৰয়োজন হ'ব বুলি উল্লেখ কৰি মন্ত্ৰীজনে কয়-মণিৰাম দেৱান ট্ৰেড চেণ্টাৰ সাজু কৰা হ'ব কভিড চিকিৎসাৰ বাবে।
গুৰুত্বপূৰ্ণ যে অসমৰ ক'ৰ'না ষ্টেণ্ড ভাৰতবর্ষ সৈতে একে বুলি নিশ্চিত কৰিছে আৰএমআৰচি লাহোৱালে।
"ক'ভিড টেষ্ট কৰি ফলাফল নোপোৱাকৈ ঘূৰি ফুৰাটো এক প্ৰকাৰৰ অপৰাধ"-মন্ত্ৰী শৰ্মাই কয়।
- Log in to post comments
- 15 views