*স্বাস্থ্য বিভাগৰ নির্দেশনা ভংগ কৰিলে বিজেপি সভাপতি ৰঞ্জিত দাসে*
ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ ৰোধৰ বাবে স্বাস্থ্য বিভাগে জনোৱা আহ্বানলৈ সঁহাৰি নাই অসম ৰাজ্যিক বিজেপি সভাপতি ৰঞ্জিত দাসৰ।পৰিয়ালৰ সৈতে শ্বোৱাব টেষ্ট কৰিয়েই ফলাফল নোপোৱাকৈ গুৱাহাটীৰ বাসগৃহত সাংবাদিকক মাতি সম্বোধন কৰিলে সংবাদমেল।উল্লেখ যে দাসৰ ৪জন দেহৰক্ষী ক'ৰ'না ভাইৰাছ আক্রান্ত হৈছে।দেহৰক্ষী চাৰিজন আক্রান্ত হোৱাৰ পিছতে মঙলবাৰে পৰিয়ালৰ সৈতে দাসেও শ্বোৱাব টেষ্ট কৰিছিল।বৰ্তমানো দাসৰ টেষ্টৰ ফলাফল অহা নাই।স্বাস্থ্য বিভাগৰ নিয়ম অনুসৰি শ্বোৱাব টেষ্টৰ ফলাফল নহালৈ সভাপতি দাস,তেওঁৰ পৰিয়াল কোৱাৰেণ্টাইত থকাটো জৰুৰী।কিন্তু দাসে স্বাস্থ্য বিভাগৰ নিৰ্দেশনা পোনপটীয়াকৈ ভংগ কৰি সংবাদমেল সম্বোধন কৰিলে।
গুৰুত্বপূৰ্ণ যে মঙলবাৰে শ্বোৱাব টেষ্ট কৰাৰ কথা সংবাদমেলত নিজে স্বীকাৰ কৰে সভাপতি দাসে।
সংবাদমেলত কংগ্ৰেছে লকডাউন বিৰোধিতা কৰাটোক সমালোচনা কৰে সভাপতি দাসে।লগতে,দুখ-কষ্ট-ত্যাগেৰে ৰাজ্যৰ জনতাই লকডাউনৰ প্ৰতি জনোৱা সঁহাৰিৰ বাবে ধন্যবাদ জনাই সভাপতিগৰাকীয়ে।
"মহাৰাষ্ট্ৰত লকডাউন হৈ আছে,কিন্তু বিজেপিয়ে তাৰ বিৰোধিতা কৰা নাই।অসমৰ কেৱল গুৱাহাটীত লকডাউন দিওঁঁতে কংগ্রেছে তাৰ বিৰোধিতা কৰিছে।জনতাৰ সুৰক্ষাৰ কথা চিন্তা নকৰি এনে সময়ত ৰাজনীতি কৰিলে শোভা নাপায়"-দাসে কয়।
বানপানী হোৱা অঞ্চলত বিজেপিৰ জনসম্পৰ্ক অভিযান কাৰ্যসূচী বৰ্তমান বন্ধ ৰখাৰো তেওঁ আহ্বান জনায় দলৰ কর্মীসকললৈ।
- Log in to post comments
- 16 views