গুৱাহাটীত ভয়াৱহ গণ সংক্ৰমণ:বিগত ১৫ দিনত আক্রান্ত ১৭০০লোক

Covid

*মঙলবাৰে একেলগে ক'ভিড আক্রান্ত ৩৮০জন*

ক'ৰ'না ভাইৰাছৰ ভয়ংকৰ গণ সংক্ৰমণ গুৱাহাটীত।মঙলবাৰৰ দিনটোত ৩৮০ গৰাকী লোক একেলগে আক্রান্ত হৈছে ক'ৰ'নাত।

উল্লেখ যে মঙলবাৰৰ দিনটোত ৰাজ্যত সৰ্বাধিক ৫৭২ গৰাকী লোক আক্রান্ত হৈছিল।

ৰাজ্যত মুঠ আক্রান্তৰ সংখ্যা ৮৪০৭ জনলৈ বৃদ্ধি পাইছে।সুস্থ হৈছে ৫৬৪৭জন।মৃত্যু হৈছে ১২জনৰ।

গুৰুত্বপূৰ্ণ যে যোৱা ১৫ জুনৰ পৰা কেৱল গুৱাহাটীত ক'ৰ'নাত আক্রান্ত হৈছে ১৭০০ জনকৈ ব্যক্তি।

Your Comments