শুৱালকুছিৰ চিকিৎসা কৰ্মী, শিক্ষয়িত্ৰী ক'ৰোণাত আক্ৰান্ত

Corona

মৃণাল ডেকা , শুৱালকুছি : 
কামৰূপ জিলাৰ শুৱালকুছিৰ মহাত্মা গান্ধী এফ আৰ ইউৰ নাৰ্ছ  পংকজনী শালৈৰ স্বামী তথা উত্তৰ গুৱাহাটীৰ  জি এন আৰ চিৰ চিকিৎসা কৰ্মী অবিনাশ বৰ্মনৰ দেহত ধৰা পৰিছে ক'ৰোনা ৰোগৰ বীজাণু।শুৱালকুছি মহাত্মা গান্ধী এফ আৰ ইউৰ উপ অধীক্ষক ডা° কাৰ্ত্তিক মেধীয়ে জনোৱা অনুসৰি উক্ত লোক জন জ্বৰ কাহত ভুগি থকাত চিকিৎসালয়ৰ ফালৰ পৰা ২৫ জুনত লোকজনৰ ছোৱাব সংগ্ৰহ কৰি পৰীক্ষাৰ বাবে প্ৰেৰণ কৰিছিল ৷ আজি অহা  ফলাফলত লোক জনৰ দেহত কোৰোণা পজিটিভ পোৱাত স্বাস্থ্য বিভাগে লোক জনক শিঙিমাৰী ক’ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰে ৷ লোক জনে পত্নীৰ সৈতে শুৱালকুছি এফ আৰ ইউ ৰ বাস কৰা চৰকাৰী আৱাসটোও প্ৰশাসনে ছীল কৰিছে ৷
ইফালে , বংশৰ শংকৰদেৱ শিশু নিকেতনৰ সদস্য সচিব অজিত বৈশ্যৰ সংস্পৰ্শলৈ অহা নিকেতন খনৰ শিক্ষয়িত্ৰী শুৱালকুছি মাটি পৰ্বতৰ নিবাসী ডলি দেৱীৰ দেহত কোৰোণা পজিটিভ ধৰা পৰিছে ৷ আৰু স্বাস্থ্য বিভাগে জালুকবাৰীৰ আয়ুৰ্বেদিক ক’ভিড চিকিৎসালয়ত ভৰ্ত্তি কৰে শিক্ষয়িত্ৰী গৰাকীক ৷ উল্লেখ যে , শিক্ষয়িত্ৰী গৰাকী কোৰোণাত আক্ৰান্ত অজিত বৈশ্যৰ সৈতে ১৪ জুনত অনুষ্ঠিত সভাত অংশগ্ৰহণ কৰিছিল ৷ আনহাতে , গন্ধমৌৰ দাসচুপাৰ ৰুমী বৰা নেওঁগ নামৰ এগৰাকী মহিলাৰ দেহতো ক'ৰোণা পজিটিভ পোৱা বুলি স্বাস্থ্য বিভাগে জনাইছে ৷ জানিব পৰামতে , তেওঁ এসপ্তাহৰ আগতে হাৰিয়ানাৰ পৰা আহি কোৱাৰেণ্টাইন হৈ আছিল ৷

Your Comments