নিউজ ডেস্ক :
গুৱাহাটীত বিভিন্ন স্থানত নেৰা-নেপেৰা বৰষুণৰ ফলত ভয়ংকৰ ভুমিস্খলনৰ ঘটনা সংঘটিত হয়।খাৰঘুলিৰ ৰাজভৱনৰ পাহাৰৰ ভয়ংকৰ ভুমিস্খলনে বিপদ মাতিছে গুৱাহাটীৰ অতি পুৰণি ব্যক্তিগত চিকিৎসালয় বৰঠাকুৰ ক্লিনিক হাস্পতাললৈ।
শুকুৰবাৰে ৰাতিৰ পৰা হৈছিল ভুমিস্খলনৰ আৰম্ভণি।ৰাজভৱনৰ পাছফালৰ গাৰ্ড ৱাল খহি আহি চিকিৎসালয়খনৰ এটা অংশত পৰে।বৰ্তমানো বিপদসংকুল অৱস্থাত থকা চিকিৎসালয়খন তৎকালীন ভাৱে বন্ধ কৰাৰ নির্দেশ জাৰি কৰিছে কামৰূপ(ম) জিলা প্ৰশাসনে।স্থানান্তৰ কৰা হৈছে চিকিৎসালয়খনত ভৰ্তি হৈ থকা ৰোগীসকলক। ভুমিস্খলনে চিকিৎসালয়খনৰ এটা বৃহৎ অংশৰ ক্ষতিসাধন কৰিছে।
চিকিৎসালয় খনৰ এচিষ্টেণ্ট অপাৰেচন মেনেজাৰ হৰেকৃষ্ণ কলিতাই প্ৰকাশ কৰা অনুসৰি "চিকিৎসালয়ত ভৰ্তি হৈ থকা ১২জন ৰোগীক ৰিলিজ কৰা হয়।ৰিলিজ কৰি দিয়া কিছু সংখ্যক ঘৰলৈ গৈছে আৰু কিছু সংখ্যক অন্য মেডিকেললৈ গৈছে"।
প্ৰশাসনৰ নির্দেশনা অনুসৰি বৰ্তমান ৰোগী ছোৱা চিতা বন্ধ থাকিব চিকিৎসালয় খনত- কলিতাই লগতে কয়।
ৰাজভৱনৰ পাহাৰৰ ভুমিস্খলনৰ সন্দৰ্ভত ৰাজ্য মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণ এক সংবাদ মেল সম্বোধন কৰি কয় "সমগ্ৰ ঘটনাৰ গড়কাপ্তানী বিভাগক তদাৰক কৰিবলৈ দিয়া হৈছে"।
- Log in to post comments
- 13 views