নিউজ ডেস্ক :
কটন বিশ্ববিদ্যালয়ত অধ্যয়ন কৰিব বিচৰা ৰাজ্যৰ মেধাৱী ছাত্ৰ-ছাত্ৰী সকলক সহায় কৰাৰ বাবে আগবাঢ়ি আহিছে কটন বিদ্যালয়ৰ আছু গোটে।উচ্চতৰ মাধ্যমিক,স্নাতক আৰু স্নাতকোত্তৰ প্ৰথমবর্ষত নামভৰ্তি কৰিব বিচৰা ছাত্ৰী-ছাত্ৰীৰ সকল লকডাউনৰ বাবে যাতে সমস্যাত নপৰে তাৰ বাবে বিশ্ববিদ্যালয়খনৰ আছু' গোটে মুকলি কৰিছে নামভৰ্তিৰ হেল্প-ডেক্স।জিলা ভিত্তিত ছাত্ৰ-ছাত্ৰীৰ সহায় হোৱাকৈ মুকলি কৰা নামভৰ্তি হেল্প ডেক্সৰ কথা অৱগত কৰিছে বিশ্ববিদ্যালয়খনৰ আছু গোটে।
উল্লেখ্য যে লকডাউনত বাৰুকৈয়ে সমস্যাৰ সন্মুখীন হৈছে ৰাজ্যৰ শিক্ষাৰ্থী সমাজ।তাৰ সমান্তৰালকৈ মেট্ৰিক, উচ্চতৰ মাধ্যমিক উত্তীৰ্ন হোৱা ছাত্ৰ-ছাত্ৰী সকলে নামভৰ্তিৰ কৰাত বিভিন্ন সমস্যাত পৰিছে।সেই কথা লক্ষ্য ৰাখি কটন বিশ্ববিদ্যালয়ত উচ্চতৰ মাধ্যমিক, স্নাতক আৰু স্নাতকোত্তৰ প্ৰথমবর্ষত নামভৰ্তিৰ বাবে আছু গোটে নামভৰ্তিৰ সমস্যা সমূহ সমাধান কৰাৰ বাবে জিলা ভিত্তিক নামভৰ্তিৰ হেল্পডেস্কৰ ব্যৱস্থা কৰিছে।
হেল্প ডেক্সে বিভিন্ন শাখা/বিভাগৰ যোৱা বর্ষৰ কাট্-অফ মাৰ্কচৰ লগতে নামভৰ্তিৰ লগত জড়িত থকা যিকোনো ধৰণৰ খুটি-নাটি দূৰ কৰিবলৈও চেষ্টা চলাব।তাৰ বাবে তেওঁলোক জিলা ভিত্তিত মুকলি কৰিছে বিশেষ ফোন নম্বৰ।কটনত পঢ়িব বিচৰা প্ৰতিজন আগ্ৰহী ছাত্ৰ-ছাত্ৰীয়ে মুকলি কৰা নম্বৰত যোগাযোগ কৰি সমস্যাবোৰ দূৰ কৰিব পাৰিব।
- Log in to post comments
- 19 views