"অপৰিকল্পিত লকডাউন ঘোষণা কৰিছে স্বাস্থ্যমন্ত্ৰীয়ে"-ৰিপুন বৰা

Ripun Bora

*"ৰাজনৈতিক প্ৰতিদ্বন্দীক প্ৰতিৰোধৰ বাবে ব্যৱহাৰ কৰা হৈছে লকডাউনক"*

"ক'ৰনা ৰোধৰ বাবে ঘোষণা হোৱা লকডাউনৰ অপব্যৱহাৰ হৈছে।ৰাজনৈতিক প্ৰতিদ্বন্দীক প্ৰতিৰোধ কৰাৰ কৌশল হৈ পৰিছে লকডাউন"-এই বিস্ফোৰক অভিযোগ অসম প্ৰদেশ কংগ্ৰেছৰ সভাপতি ৰিপুন বৰাৰ।গুৱাহাটীত ক'ৰ'না আক্রান্ত বৃদ্ধি পোৱা বিষয়টোক লৈ কংগ্ৰেছ দলো চিন্তিত।ক'ৰ'না ৰোধ কৰাৰ বাবে কংগ্ৰেছ দলে সদায় চৰকাৰক সহায় কৰি আহিছে বুলি উল্লেখ কৰি তেওঁ কয়-"গুৱাহাটীত লকডাউন একপক্ষীয়ভাৱে ঘোষণা কৰা হৈছে।লকডাউন ঘোষণা কৰাৰ পূৰ্বে বিৰোধী দল,সামাজিক সংগঠনসমূহৰ লগত চৰকাৰে আলোচনা কৰি পৰিকল্পিত আৰু গণতান্ত্ৰিকভাৱে সিদ্ধান্ত গ্ৰহণ কৰিব লাগিছিল।তাকে নকৰি মন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই মহম্মদ বিন তুগলকৰ দৰে শাসন আৰম্ভ কৰিছে"।

"যধে-মধে ঘোষণা কৰা লকডাউনে অসমৰ বিভিন্ন স্থানৰ পৰা আহি গুৱাহাটীত থকা লোকসকলক সমস্যাত পেলাইছে।ঘূৰি যাবলৈ গাড়ীৰ সমস্যাৰ সৃষ্টি হৈছে তেওঁলোকৰ"-বৰাই লগতে কয়।

স্বাস্থ্যমন্ত্ৰী ড: শৰ্মাই ১৪ দিনৰ কঠোৰ লকডাউনলৈ সাজু হ'বলৈ গুৱাহাটীৰ জনতাক দুটা দিনত প্ৰয়োজনীয় সামগ্রী ক্ৰয় কৰি লোৱাৰ আহ্বানক উভতি ধৰি সভাপতি গৰাকীয়ে কয়-"টকা-পইচা থকাসকলে ক্ৰয় কৰিব পাৰিব।কিন্তু দিন-ভিক্ষা কৰি খোৱাসকলে কিদৰে কৰিব ১৪দিনৰ একেলগে বজাৰ।এটা শ্রেণীৰ মানুহৰ কথা চিন্তা কৰিলে নহ'ব,পথৰ ভীক্ষাৰীজনলৈকে ভাবিব লাগিব।এদিন সামগ্ৰী ক্ৰয় কৰিবলৈ  সামৰ্থ নথকা ৰিক্সা চালক,ঠেলাচালক,অ'লা-উবেৰ চালকসকলে কিদৰে ক্ৰয় কৰিব একেলগে ১৪ দিনৰ সামগ্ৰী।"

পূৰ্বতে ঘোষণা কৰা লকডাউনত গ্ৰছাৰী দোকান সমূহ খোলা আছিল কিন্তু এইবাৰ বন্ধ কৰা হৈছে।ক্ষুদ্ৰ ব্যৱসায়ী সকলৰ কি হব! কিবা ৰিলিফ দিব নেকি চৰকাৰে ঘোষণা কৰিব লাগে- বৰাই কয়।

বেমাৰ কমাবলৈ অন্য বহুত ব্যৱস্থা আছে।যি সময়ত যিটো সিদ্ধান্ত লব লাগে সেই সিদ্ধান্ত নোলোৱা বাবে আজি পৰিৱেশ বেয়া হৈছে বুলি উল্লেখ কৰি বৰাই কয় "দেশৰ সৰ্বাধিক আক্রান্ত ৰাজ্য সমূহে লকডাউন পৰ্যায়ক্ৰমে মুকলি কৰিছে।তাৰ সলনি কিছু বাধ্য-বাধকতা প্ৰয়োগ কৰি হটস্পট সমূয় চিনাক্ত কৰিছে কিন্তু অসমত ওলোটা কাম কৰিছে চৰকাৰে।

গুৱাহাটীত লকডাউন ঘোষণা কৰিব লগা পৰিৱেশৰ বাবে মহানগৰী জনতাক স্বাস্থ্যমন্ত্ৰী শৰ্মাই দোষাৰূপ কৰা প্ৰসংগক উভতি ধৰি প্ৰদেশ কংগ্ৰেছৰ সভাপতি গৰাকীয়ে কয় "স্বাস্থ্যমন্ত্ৰীয়ে সামাজিক দূৰত্ব-কোৱাৰেণ্টাইন কিমান মানিলে।অন্য ৰাজ্য জনপ্ৰতিনিধিক আনি গুৱাহাটীত ৰাখি দিল্লীলৈ গৈছে।আইন নিজে অপব্যৱহাৰ কৰি ৰাইজক দোষ দিছে"।

গুৱাহাটীৰ ৰাজীৱ ভৱনত সম্বোধন কৰা সংবাদ মেলখনত বৰাই লকডাউন পুনৰ বিবেচনা কৰাৰ আহ্বান জনায় চৰকাৰক কয় "লকডাউন একমাত্ৰ সমাধান হব নোৱাৰে।সজাগতামুলক ব্যৱস্থা লব লাগে"।

Your Comments