মন্ত্ৰীয়ে লকডাউন ঘোষণা কৰাৰ মাত্ৰকে গুৱাহাটীৰ বজাৰত লাগিল জুই

Pasali

নিউজ ডেস্ক:
ক'ৰ'না ভাইৰাছৰ গণ সংক্ৰমণ ৰোধৰ বাবে ৰাজ্যৰ স্বাস্থ্য বিভাগে কামৰূপ (মহানগৰ)জিলাত দেওবাৰৰ পৰা লকডাউন হ'ব বুলি শুকুৰবাৰে ঘোষণা কৰাৰ পিছতে গুৱাহাটীৰ বজাৰত আকাশলংঘী হ'ল সামগ্ৰীৰ দাম।ঘোষণাৰ আগমুহূৰ্তত অৰ্থাৎ শুকুৰবাৰে ১২.৩০ বজাৰ পূৰ্বে ৪০ টকা মূল্যত বিক্ৰী হৈ থকা স্কোৱাচ প্ৰতি কেজিৰ মূল্য হ'লগৈ ৮০-১০০টকা।গুৱাহাটীৰ উজান বজাৰত ভোল,জিকা, পটল,তিতা কেৰেলা,ভেন্দী, বিলাহীৰ দাম উঠিল ৮০-৯০টকা।নিৰ্বিকাৰ যোগান আৰু  কৃষি বিভাগ।

তাৎপৰ্যপূৰ্ণ যে লকডাউন ঘোষণা হোৱাৰ পূৰ্বে উজানবজাৰত এই  পাচলিসমূহৰ মূল্য প্ৰতিকেজিত ৪০-৬০ টকা আছিল।কিন্তু স্বাস্থ্যমন্ত্ৰী ডঃ শৰ্মাই লকডাউন ঘোষণা কৰাৰ শুনাৰ লগে লগে একেখিনি পাচলিৰে মূল্য বাঢ়িল ৪০-৫০ টকা পৰ্যন্ত।

উল্লেখ যে লকডাউনৰ সময়ত গ্ৰছাৰী,শাক-পাচলি,গাখীৰ সকলো সেৱা বন্ধ থাকিব।ফলত মহানগৰীৰ জনতাই ১৪ দিন লকডাউনৰ বাবে খোৱা সামগ্ৰী ক্ৰয় কৰাৰ বাবে বজাৰ-দোকানসমূহত সকলোতে ভীৰ কৰা পৰিলক্ষিত হৈছে।

আনহাতে,লকডাউনৰ সুযোগ লৈ কেৱল যে পাচলি বজাৰতে মূল্য বৃদ্ধি হৈছে এনে নহয়।বৃদ্ধি হৈছে আলু-পিয়াঁজ পৰা আদি কৰি গ্ৰ'ছাৰী সামগ্রীৰ দামো।

ইফালে,মহানগৰীত লকডাউনৰ ঘোষণাৰ পিছতে ৰাইজে দলে-বলে ওলাই আহি বজাৰ তথা দোকানসমূহত ভীৰ কৰা পৰিৱেশ দেখি একাংশ সচেতন নাগৰিকে আশংকা কৰিছে এনে পৰিৱেশৰ বাবে অধিক বৃদ্ধি হ'ব গুৱাহাটীত গণ সংক্ৰমণ।

Your Comments