নিউজ ডেস্ক :
কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈৰ বিৰুদ্ধে দ্বিতীয়খন তদন্তৰ প্ৰতিবেদন দাখিল ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থা, চমুকৈ 'নিয়া'ৰ।শুকুৰবাৰে গগৈৰ বিৰুদ্ধে দ্বিতীয়টো গোচৰত চানমাৰিৰ নিয়াৰ আদালতত দাখিল কৰা হয় প্ৰতিবেদন।
উল্লেখ যে চাবুৱা থানাৰ ২৮৯/২০১৯ ৰুজু হৈ থকা গোচৰটো চৰকাৰে নিয়াক তদন্তৰ দায়িত্ব অৰ্পণ কৰিছিল।সেই গোচৰৰে প্ৰতিবেদন দাখিল কৰে নিয়াই।
গুৰুত্বপূৰ্ণ যে ইয়াৰ পূৰ্বে চানমাৰি থানাত মাওবাদীৰে সম্পৰ্ক থকা গোচৰত গগৈৰ বিৰুদ্ধে নিয়াই দাখিল কৰিছিল তদন্তৰ প্ৰতিবেদন।
'কা' আন্দোলনৰ সময়ৰ পৰা যোৱা বর্ষৰ ডিচেম্বৰৰ পৰা বৰ্তমানো কাৰাৰুদ্ধ হৈ আছে কৃষক নেতাগৰাকী।আন্দোলনৰ সময়ত গগৈৰ বিৰুদ্ধে মুঠ ১২টা গোচৰ ৰুজু কৰা হৈছিল।তাৰ দুটা গোচৰ নিয়ালৈ হস্তান্তৰ কৰিছিল চৰকাৰে।
- Log in to post comments
- 12 views