দেওবাৰে মাজনিশাৰ পৰা গুৱাহাটীত ১৪দিনৰ বাবে 'লকডাউন'

Dr.Himanta Biswa Sarma

*প্ৰথম সাত দিন গুৱাহাটীত গ্ৰ'ছাৰী,ফলমূল,গাখীৰ যোগান-সকলো বন্ধ থাকিব*

*সপ্তাহৰ শনিবাৰ-দেওবাৰে ৰাজ্যৰ অন্য জিলাৰ নগৰ-পৌৰ সভা অঞ্চলত লকডাউন*

দেওবাৰে ৰাতি ১২ বজাৰ পৰা কামৰূপ(ম) জিলাত 'লকডাউন' ঘোষণা।১২ জুলাইলৈ ১৪ দিনৰ বাবে  লকডাউন বিষয়ে ঘোষণা কৰে স্বাস্থ্যমন্ত্ৰী ড:হিমন্ত বিশ্ব শৰ্মাই।

"লকডাউনৰ প্ৰথম সাত দিন হ'ব অতি কঠোৰ।গ্ৰছাৰীৰ পৰা আৰম্ভ কৰি সকলো ব্যৱসায় বন্ধ থাকিব গুৱাহাটীত।জৰুৰীকালীন সেৱা,ক'ভিড কৰ্তব্য,সংবাদ মাধ্যম,পুলিচ-প্ৰশাসন,স্বাস্থ্য কর্মী,বানপানী তথা দুৰ্যোগ প্ৰশমনৰ লগত জড়িতসকল ওলাব পাৰিব"-মন্ত্ৰী শৰ্মাই কয়। 

গুৱাহাটীবাসীক সকলো সামগ্ৰী দেওবাৰৰ দিনৰ ভিতৰত সংগ্ৰহ কৰি লোৱাৰ আহ্বান স্বাস্থ্য মন্ত্ৰী ড: শৰ্মাৰ।

চৰকাৰী-বেচৰকাৰী সকলো কাৰ্যালয় বন্ধ থাকিব।উদ্যোগ খণ্ড বন্ধ থাকিব গুৱাহাটীত।

ৰাজহুৱা আৰু ব্যক্তিগত গাড়ী চলাচল বন্ধ থাকিব।

লকডাউনৰ সময়ত পূৰ্বৰ দৰে কোনো পাচৰ ব্যৱস্থা কৰা হোৱা নাই।ধৰ্মীয় অনুষ্ঠান বন্ধ থাকিব।

সামাজিক-ৰাজনৈতিক সকলো কাৰ্যসূচী বন্ধ থাকিব।

অন্ত্যেষ্টিক্ৰিয়াত ২০জনতকৈ অধিক লোক সমবেত হ'ব নোৱাৰিব।

'পাণ-তামোল,মদ সকলো সেৱা বন্ধ থাকিব'-লকডাউনৰ নতুন নিৰ্দেশনাত উল্লেখ আছে।

লকডাউনৰ সময়ত চলি থাকিব সচিবালয়ৰ কাম-কাজ।অৱশ্যে যুটীয়া সচিব পৰ্যায়ৰ কৰ্মচাৰী আহিব পাৰিব।বাকীসকল প্ৰয়োজনত মাতিলে আহিব পাৰিব।

ৰেল-বিমান সেৱা খোলা থাকিব।

ক'ভিড টেষ্টৰ বাবে কোনো লোকে যাব বিচাৰিলে যাব পাৰিব।তাৰ বাবে নিজৰ গাড়ী ব্যৱহাৰ কৰিব পাৰিব।

"শুকুৰবাৰৰ পৰা সমগ্ৰ অসমত সন্ধিয়া ৭ বজাৰ পৰা পুৱা ৭ বজালৈ কাৰ্ফিউ কাৰ্যকৰী হ'ব।ৰাজ্যৰ অন্য জিলাত যাতে ক'ৰ'নাৰ গণ সংক্ৰমণ হ'বলৈ নোৱাৰে,তাৰ বাবে সপ্তাহৰ শনিবাৰ আৰু দেওবাৰে নগৰ আৰু পৌৰসভা অঞ্চলসমূহত লকডাউন থাকিব"-মন্ত্ৰীগৰাকীয়ে কয়।

উল্লেখ যে গুৱাহাটী মহানগৰীত ক'ৰ'নাৰ ভয়ংকৰ গণ সংক্ৰমণ আৰম্ভ হৈছে।১৫জুনৰ পৰা ২৫ জুনলৈকে ৬৭৭ জন কোনো ট্ৰেভেল হিষ্টৰী নথকা লোক আক্রান্ত হৈছে ক'ৰনাত।

ভয়ংকৰ কথা এই যে বৃহস্পতিবাৰৰ দিনটোত ১৩৩জন লোকৰ দেহত ক'ৰ'না ধৰা পৰিছে।

গুৱাহাটী মেডিকেল কলেজ হাস্পতালক বাদ দি গুৱাহাটীত চিকিৎসালয়ৰ আসনৰ সংখ্যা ৮৯০খন।যদি এই গতিত ক'ৰ'নাৰ গণ সংক্ৰমন গুৱাহাটীত হ'বলৈ হয়,তেন্তে অহা তিনি-চাৰিদিনৰ ভিতৰতে গুৱাহাটীত চিকিৎসালয় পূর্ণ হব বুলি স্বাস্থ্যমন্ত্ৰী ড: শৰ্মাই কয়।

Your Comments