উচ্চতৰ মাধ্যমিকত উত্তীৰ্ণক শুভেচ্ছা ৰাজ্যৰ মুখ্যমন্ত্ৰী আৰু শিক্ষামন্ত্ৰীৰ:অনুত্তীৰ্ণক হতাশ নহ'বলৈ আহ্বান

উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত উত্তীৰ্ণ ছাত্ৰ-ছাত্ৰীক শুভেচ্ছা ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ।ছাত্ৰ-ছাত্ৰীসকলক নিৰন্তৰ পথ প্ৰদর্শন কৰা শিক্ষাগুৰু আৰু অভিভাৱকসকলকো ধন্যবাদ জনায়।

"যিসকল শিক্ষাৰ্থীয়ে ঘোষিত পৰীক্ষাৰ ফলাফলত সফলতা অৰ্জন কৰিব নোৱাৰিলে, তেওঁলোক হতাশ নহৈ নতুন উদ্যম আৰু কঠোৰ পৰিশ্ৰমেৰে আগুৱাই যাব লাগে"- সোণোৱালে কয়।

ৰাজ্যৰ শিক্ষামন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই ছাত্ৰ -ছাত্ৰীক শুভেচ্ছা জনাই সকলো ছাত্ৰ-ছাত্ৰীৰে উজ্জ্বল ভৱিষ্যত কামনা কৰি কয়-"জীৱনৰ এটা নতুন পৰ্যায়ত প্ৰৱেশৰ এই বিশেষ ক্ষণটিত তোমালোকলৈ অযুত শুভকামনা জ্ঞাপন কৰিছোঁঁ।ভৱিষ্যৎ উজ্জ্বল হওক তোমালোকৰ।"

ইফালে,আশানুৰূপ ফলাফল দাঙি ধৰিব নোৱাৰা ছাত্ৰ-ছাত্ৰীসকলক উদ্দেশ্য কৰি ড: শৰ্মাই কয়-"তেওঁলোক কোনো কাৰণতে নিৰাশ নহবা৷নতুন উদ্যমেৰে আকৌ চেষ্টা কৰা,সফলতা আহিবই।"

Your Comments