নিউজ ডেস্ক :
উচ্চতৰ মাধ্যমিক চূড়ান্ত পৰীক্ষাত কলা শাখাৰ শীৰ্ষত আছে দৰং জিলা । জিলা খনৰ পৰা মুঠ অৱতীৰ্ন হৈছিল ৫০৪৯ গৰাকী ছাত্ৰ-ছাত্ৰী। ইয়াৰে প্ৰথম বিভাগত ১০২৩, দ্বিতীয় বিভাগত ১৭১৭ ,তৃতীয় বিভাগত ১৭৫৭ গৰাকী উত্তীৰ্ন হয় ৷জিলা খনৰ পৰা মুঠ উত্তীৰ্ন হয় ৪৪৯৭ গৰাকী ছাত্র-ছাত্ৰী। জিলা খনৰ উত্তীৰ্নৰ হাৰ ৮৯.০৭ শতাংশ।
বাণিজ্য শাখাত ১০০% উত্তীৰ্নৰে শীৰ্ষত আছে তিনিখন জিলা।চিৰাং,মাজুলী, আৰু পশ্চিম কাৰ্বি আংলং জিলা।চিৰাং জিলাত মুঠ অৱতীৰ্ন হৈছিল ৩৭ গৰাকী ছাত্ৰ- ছাত্ৰী। ইয়াৰে ১৩ গৰাকীয়ে প্ৰথম, ৮ গাৰাকীয় দ্বিতীয় আৰু ১৬ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ন হয়।
ইফালে মাজুলী জিলাত মুঠ অৱতীৰ্ন ২৭ জন। প্ৰথম বিভাগত ৩জন , দ্বিতীয় ১০ জন আৰু তৃতীয় বিভাগত ১৪ জন ৷
পশ্চিম কাৰ্বি আলং জিলাত মুঠ অৱতীৰ্ন ৬ প্ৰথম বিভাগত ১ জন,দ্বিতীয় বিভাগত ১ জন আৰু তৃতীয় বিভাগত ৪ জন উত্তীৰ্ন হয়
বিজ্ঞান শাখাত শীৰ্ষ উত্তীৰ্ন জিলা হৈছে শিৱসাগৰ।জিলা খনত মুঠ অৱতীৰ্ন হৈছিল ১১৬৭গৰাকী ছাত্র ছাত্ৰী। ইয়াৰে৭২১ গৰাকীয়ে প্ৰথম, ৩৩৫গৰাকীয়ে দ্বিতীয়, ৬৪ গৰাকীয়ে তৃতীয় বিভাগত উত্তীৰ্ন হয়।জিলাখনৰ উত্তীৰ্নৰ হাৰ ৯৫.৯৭%।
- Log in to post comments
- 35 views