উচ্চতৰ মাধ্যমিকৰ ফলাফল : কলা বিজ্ঞান,বাণিজ্যৰ শীর্ষত কোন কোন ?

Hs

নিউজ ডেস্ক :

আজি ঘোষিত হয় উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত বৰ্ষৰ ফলাফল। ক'লা,বিজ্ঞান আৰু বাণিজ্য শাখাৰ আজিৰ এই ফলাফল অনুযায়ী কলা শাখাৰ শীৰ্ষ স্থান দখল কৰিবলৈ সক্ষম হৈছে দুজন শিক্ষাৰ্থীয়ে। মেধাৱী শিক্ষাৰ্থী দুগৰাকী হ'ল দৰং জিলাৰ পাথৰিঘাট উচ্চতৰ মাধ্যমিক বিদ্যালয়ৰ পুবালী ডেকা আৰু নগাঁও জিলাৰ ৰামানুজন জুনিয়ৰ কলেজৰ শ্ৰদ্ধা বৰগোহাঁই। তেওঁলোক দুয়োজনে লাভ কৰিছে সৰ্বমুঠ ৪৮১ নম্বৰকৈ।

ইফালে বিজ্ঞান শাখাৰ প্ৰথম স্থান লাভ কৰিছে বৰপেটাৰ আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। তেওঁ লাভ কৰিছে সৰ্বমুঠ ৪৮৬ নম্বৰ।

আনহাতে বাণিজ্য শাখাত শীৰ্ষ স্থান দখল কৰিছে ডিব্ৰুগড় জিলাৰ চল্টব্ৰুক একাডেমীৰ কৃষ্ণা মহেশ্বৰীয়ে। তেওঁ লাভ কৰিছে সৰ্বমুঠ ৪৮১নম্বৰ।

Your Comments