ক'ৰ'না ভয়াৱহতৰ প্ৰতি লক্ষ্য ৰাখি ভাৰতীয় ডাক বিভাগৰ গুৱাহাটী শাখাই আৰম্ভ কৰিছে মোবাইল ডাক সেৱা।যাৰ জড়িয়তে আপুনি ঘৰতে বহি লাভ কৰিব পাৰিব ডাক সেৱাৰ সুবিধা।এই কথা প্ৰকাশ কৰিছে ভাৰতীয় ডাক সেৱা গুৱাহাটীৰ শাখাৰ উপ- মুখ্য তত্বাৱধায়ক নন্দিতা চৌধুৰীয়ে।তেওঁ জানিবলৈ দিয়া অনুসৰি প্ৰতিজন লোকে ঘৰতে ডাকঘৰ আৰু বেংকৰ সুবিধা ল'ব পাৰিব।ডাকঘৰৰ জড়িয়তে আপুনি যদি কোনো চিঠি-পত্ৰ,মূল্যৱান কাগজ-পত্ৰ প্ৰেৰণ কৰিবলৈ লাগে,তেন্তে ডাকঘৰলৈ আপুনি আহিব নালাগে।ভাৰতীয় ডাক বিভাগৰ প'ষ্টমেনজনে আপোনাৰ ঘৰৰ পৰা আনিবগৈ আপুনি ক'ৰবালৈ প্ৰেৰণ কৰিব লগীয়া যিকোনো নথি-পত্ৰ অথবা পাৰ্চেল।
ইয়াৰ উপৰিও ডাকঘৰ অথবা অন্যান্য বেংকত ধন জমা কৰাৰ লগতে যদি আপুনি উলিয়াব বিচাৰে তেন্তে আপুনি বেংক অথবা এটিএমলৈ যোৱাৰ প্ৰয়োজন নাথাকিব।কাৰণ, ভাৰতীয় ডাক বিভাগৰ লোকে আপোনাৰ ঘৰ অথবা কৰ্মস্থলীতে এই সুবিধা কৰি দিব।চৌধুৰীয়ে লগতে কয়।
গুৰুত্বপূৰ্ণ যে ঘৰতে বেংক সেৱা লাভ কৰাৰ বাবে গ্ৰাহকজনৰ ডাকঘৰ আৰু আধাৰ কাৰ্ডৰ লগত বেংক একাউন্ট সংযোগ হ'ব লাগিব।সৰ্বাধিক ১০,০০০ টকালৈকে ধন উলিওৱা-জমা কৰাৰ ব্যৱস্থা থাকিব ভাৰতীয় ডাক সেৱাৰ এই সুবিধাত।চৌধুৰীয়ে লগতে কয়।
ভাৰতীয় ডাক সেৱাৰ গুৱাহাটী শাখাই যোৱা ১৫মে'ৰ পৰা মোবাইল ডাক সেৱা আৰম্ভ কৰিছে।প্ৰতিদিনে নতুন নতুন অঞ্চললৈ যায় বিশেষ গাড়ীখন।যিসমূহ অঞ্চলত বিশেষকৈ ডাকঘৰৰ সুবিধা নাই।
- Log in to post comments
- 45 views