তামুলপুৰত বিদ্যুৎস্পৃষ্ট হৈ বন্যহস্তীৰ মৃত্যু

tamulpurf_elephent

বাক্সা জিলাৰ তামুলপুৰ মহকুমাৰ অন্তৰ্গত ভাৰত-ভূটান সীমান্তৰ মেছগুৰিত এটা মাইকী বন্য হস্তীৰ মৃত্যু হয় ৷ খাদ্যৰ সন্ধানত পাহাৰৰ পৰা নামি অহা হাতীটোৰ বিদ্যুৎস্পৃষ্ট হৈ মৃত্যু হোৱা বুলি সন্দেহ কৰা হৈছে ৷ উল্লেখ্য যে  ভাৰত-ভূটান সীমান্তৰ বগাজুলী,গুৱাবাৰী,নাগ্ৰিজুলী আদি অঞ্চলত বহু দিন ধৰি বন্যহস্তীৰ জাক এটাই বিচৰণ কৰি আছিল ৷  হাতীৰ জাকটোৱে কেইবাটাও ভাগত বিভক্ত হৈ বিভিন্ন প্ৰান্তত মানুহৰ ঘৰ দুৱাৰ ভাঙি তাণ্ডৱ চলাই আছিল ৷  নিশা খাদ্যৰ বাবে জনাঞ্চলৈ সোমাই আহোতে নৈৰ পাৰত ধাননি পথাৰৰ কাষত হাতীটোৰ মৃত্যু হয়  ৷ বন বিভাগৰ লোক তথা স্থানীয় ৰাইজে সন্দেহ কৰা মতে বন্য হস্তীৰ উপদ্ৰৱৰ পৰা ৰক্ষা পাবলৈ পথাৰত বিদ্যুত সংযোগ দি থোৱা তাঁৰত লাগি হাতীটোৰ মৃত্যু হয় ৷ আজি পুৱা বন্য হস্তীৰ মৃত্যুৰ খবৰ পোৱাৰ লগে লগে বন বিভাগৰ লোক তথা আৰক্ষীৰ লোক ঘটনা স্থলীত উপস্থিত হয় ৷ অবৈধ ভাৱে বনানঞ্চল ধংসৰ ফলত বন্য হস্তীৰ বিচৰন ভূমি কমি অহাত হাতী-মানুহৰ সংঘাত বৃদ্ধি পোৱাৰ ফলতে হাতীটোৰ মৃত্যু হোৱা বুলি বহুতে আক্ষেপ প্ৰকাশ কৰে ৷ উল্লেখ্য হাতী-মানুহৰ সংঘাতৰ ফলত আগষ্ট মাহত তামুলপুৰত দুজন মানুহ তথা দুটাকৈ বন্য হস্তীৰ মৃত্যু ঘটিছে ৷
 

Your Comments