"আমি বহুত কষ্টত আছোঁ মা,মাতৃভূমি আৰু ৰাইজক ভাল পোৱাৰ বাবে;ৰাইজৰ ভাল হওঁক"-কৃষক নেতা অখিল গগৈ

Pic

সোমবাৰে কাহিলীপাৰাৰ ফৰেনচিক বিজ্ঞান সঞ্চালকৰ কাৰ্যালয়ত কাৰাৰুদ্ধ কৃষক নেতা অখিল গগৈ,ধৈৰ্য কোঁৱৰ আৰু বিতু সোণোৱালৰ কণ্ঠস্বৰ পৰীক্ষাৰ (ভয়চ চেম্প'ল টেষ্ট)কৰা হয়।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰৰ পৰা ৰাষ্ট্ৰীয় তদন্তকাৰী সংস্থাই কাৰাৰুদ্ধ নেতা তিনিগৰাকীক লৈ আহে কণ্ঠস্বৰ পৰীক্ষাৰ বাবে।

কণ্ঠস্বৰ পৰীক্ষা কৰি ওলাই অহাৰ মুহূৰ্তত কৃষক মুক্তি সংগ্রাম সমিতিৰ উপদেষ্টা অখিল গগৈয়ে সংবাদ মাধ্যমৰ সন্মুখত কয়-"আমি মাতৃভূমিক ভাল পাওঁ,অসমক ভাল পাওঁ আৰু চৰকাৰক সমালোচনা কৰোঁঁ আৰু 'কা'ৰ বিৰোধিতা কৰাৰ বাবে আমাক এইদৰে শাস্তি দি থকা হৈছে।"

কণ্ঠস্বৰ পৰীক্ষাৰ বাবে আজি আহিছিলো বুলি উল্লেখ কৰি গগৈয়ে অসমবাসী ৰাইজক সুখে-শান্তিৰে থকাৰ বাবে আহ্বান জনায়।ৰাজ্যৰ বাহিৰত থকা আমাৰ ৫-৬লাখ যুৱক-যুৱতীক ঘৰলৈ ঘূৰাই আনিবৰ বাবে অনুৰোধ জনোৱা বুলি গগৈয়ে কয়।

"মই যাতে বাহিৰলৈ ওলাবলৈ নোৱাৰো,তাৰ বাবে ইটোৰ পিছত সিটো গোচৰ লগাই থকা হৈছে।অসমবাসী ৰাইজক এই গোটেই কথা বিবেচনা কৰিবলৈ আহ্বান জনালোঁ "-অখিলে লগতে কয়।

আনহাতে,ৰাইজৰ ভাল হওঁক বুলি উল্লেখ কৰি অখিলে কয়-"আমি বহুত কষ্টত আছোঁ।মাতৃভূমি,মা আৰু ৰাইজক ভাল পোৱাৰ বাবে কষ্ট খাই আছোঁ।"

"ৰাজ্যত ক'ৰ'নাৰ বাবে ক্ষতিগ্ৰস্ত কৃষকক ক্ষতিপূৰণ দিয়াৰ লগতে মাইক্ৰ'ফাইনেন্স কোম্পানীৰ ঋণসমূহ তেওঁলোকক পৰিশোধ কৰি দিব লাগে"-এই আহ্বান অন্যগৰাকী নেতা বিতু সোনোৱাল৷ 


কৃষক মুক্তি সংগ্রাম সমিতিৰ সাধাৰণ সম্পাদক ধৈৰ্য্য কোঁৱৰে কয়-"অসমৰ দৰিদ্ৰ আৰু মধ্যবিত্ত পৰিয়ালক অহা ৬মাহলৈ মাহে ৬হাজাৰ টকাকৈ চৰকাৰে প্ৰদান কৰিব লাগে।"

উল্লেখ যে মাওবাদীৰে সম্পৰ্ক থকাৰ    অভিযুুক্ত তিনিগৰাকী কৃষক নেতাক কণ্ঠস্বৰ পৰীক্ষাৰ পিছত পুনৰ কাৰাগাৰলে লৈ যোৱা হয়।

Your Comments