ৰাজ্যৰ সাংবাদিককো ৫০লাখ টকীয়া স্বাস্থ্য বীমা আঁচনিত সামৰি লোৱাৰ ঘোষণা মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালৰ

Cm

নিউজ ডেস্ক:
বিশ্বত্ৰাস মহামাৰী ক'ৰনা ভাইৰাছৰ প্ৰত্যাহ্বান লৈ সেৱা আগবঢ়োৱা ৰাজ্যৰ সাংবাদিক সকলকো ৰাজ্য চৰকাৰে ইতিমধ্যেই ঘোষণা কৰা ৫০লাখ টকাৰ স্বাস্থ্য বীমাত সামৰি লোৱাৰ সিদ্ধান্ত আজিৰ কেবিনেট বৈঠকত গ্ৰহণ কৰা হয় বুলি ঘোষণা কৰে ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে।

দিছপুৰৰ জনতা ভৱনত আজি অনুষ্ঠিত হোৱা কেবিনেট বৈঠকৰ পিছতে এই কথা ঘোষণা কৰিছে মুখ্যমন্ত্ৰী সোনোৱালে।উল্লেখ্য যে ক'ৰোনা প্ৰতিৰোধী সংগ্ৰামখনত সন্মুখৰ পৰা নেতৃত্ব দিয়া ৰাজ্যৰ চিকিৎসক ,আৰক্ষীৰ লগতে ১০৮কর্মীলৈ ৫০লাখ টকাৰ স্বাস্থ্য বীমা ঘোষণা কৰা হৈছিল।তাৰ পিছতেই সাংবাদিক সকলৰ বাবেও স্বাস্থ্য বীমাৰ ব্যৱস্থা কৰিব লাগে বুলি বিভিন্ন সময়ত দাবী উথাপন হৈ আহিছিল।

Your Comments