নিউজ ডেস্ক:
জনতা ভৱনত অনুষ্ঠিত ৰাজ্যিক কেবিনেট বৈঠক কিছুসময় পূৰ্বে সমাপ্ত হয়।আজিৰ এই কেবিনেট বৈঠকতে লোৱা হয় বহুকেইটা গুৰুত্বপূৰ্ণ সিদ্ধান্ত।এই সিদ্ধান্ত অনুসৰি মঙলবাৰৰ পৰা ৰাজ্যৰ গ্ৰীণ জনৰ দোকান সমূহ খুলিব পাৰিব।ৰেড'জনত অৱশ্যে এই নিয়ম প্ৰযোজ্য নহ'ব। বৈঠকৰ অন্তত এই কথা উল্লেখ কৰিছে ৰাজ্যৰ কেবিনেট মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে।
ইফালে ৰেড জনৰ অন্তৰ্ভুক্ত জিলাৰ সীমান্তবৰ্তী কোনো গ্ৰীণজনৰ জিলা থাকিলে তেতিয়া দুয়ো জিলাৰ পাঁচ কিঃমিঃ পৰ্য্যন্ত অঞ্চলত বন্ধ থাকিব সকলো দোকান পোহাৰ।
এই সময়চোৱাত সমগ্ৰ ৰাজ্যৰ হাট-বজাৰ সকলো বন্ধ থাকিব।শ্বপিংমল-কম্পেক্স জিম আদি সকলো বন্ধ থাকিব।
লকডাউন বৃদ্ধিৰ সন্দৰ্ভত ৰাজ্যিক কেবিনেটত কোনো সিদ্ধান্ত নলয়,এইক্ষেত্ৰত কেন্দ্ৰই যি সিদ্ধান্ত গ্ৰহণ কৰে সেয়াই ৰাজ্য চৰকাৰৰো সিদ্ধান্ত হ'ব বুলিও বৈঠকৰ অন্তত জানিব দিয়ে।
ইফালে ২মে' লৈ অনুমতি সাপেক্ষ আন্তঃজিলা যাতায়তৰ ম্যাদ বৃদ্ধি কৰাৰ সিদ্ধান্তয়ো আজিৰ বৈঠকত গ্ৰহণ কৰা হয়।পূৰ্বতে বুকিং কৰিব নোৱাৰা যাত্ৰী সকলে পুনৰ এতিয়া বুকিং কৰিব পাৰিব বুলিও জানিব দিয়ে মন্ত্ৰী পাটোৱাৰীয়ে।তাৰ বাবে ১০৪যাত্ৰী সকলে যোগাযোগ কৰিব লাগিব।
ইফালে বিটিচি নিৰ্বাচন সন্দৰ্ভত কেবিনেট মন্ত্ৰী পাটোৱাৰীয়ে কয় যে বিশেষ ব্যৱস্থা গ্ৰহন কৰি এই নিৰ্বাচন অনুষ্ঠিত কৰিব পৰা যায় নিকি তাৰো পৰামৰ্শ নিৰ্বাচন আয়োগৰ পৰা বিচৰা বুলি তেওঁ জনায়।আৰু যদি সেয়া সম্ভৱ নহয় তেতিয়া ৰাজ্যপালে যি সিদ্ধান্ত গ্ৰহণ কৰিব তাকে ৰাজ্য চৰকাৰে মানি ল'ব বুলিও তেওঁ প্ৰকাশ কৰে।
- Log in to post comments
- 86 views