"মানৱীয়তাৰ দৃষ্টিভংগীৰে সোণোৱাল চৰকাৰে মুকলি কৰি দিয়ক অখিল গগৈক'-খিলঞ্জীয়া মঞ্চ,অসম

Pic

"মহামাৰীৰ দুৰ্যোগৰ সময়ত মানৱীয়তাৰ খাতিৰত নাগৰিকত্ব সংশোধনী আইন,চমুকৈ 'কা' বিৰোধী আন্দোলনৰ বন্দী হৈ থকা নেতা অখিল গগৈক মুকলি কৰি দিয়ক"- এই আহ্বান খিলঞ্জীয়া মঞ্চ,অসমৰ মুখ্য আহ্বায়ক তথা আলফা নেতা অনুপ চেতিয়াৰ।মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাললৈ সংগঠনটোৱে এক পত্ৰৰ জৰিয়তে আহ্বান জনাই উল্লেখ কৰিছে এইদৰে-"সমগ্ৰ বিশ্বতে কাৰাগাৰসমূহত বন্দী হৈ থকা বন্দীসকলক বিভিন্ন চৰকাৰসমূহে মানৱীয়তাৰ খাতিৰত মুকলি কৰি দিছে।সেই দৃষ্টিভংগীৰ জৰিয়তে 'কা' আন্দোলনৰ নেতা অখিল গগৈক মুুকলি কৰি দিয়ক।"

Pp

সংগঠনটোৱে লগতে উল্লেখ কৰিছে যে অখিল গগৈৰ উপৰিও অন্যান্য কাৰাৰুদ্ধ নেতাসকলক মুকলি কৰি দিয়ক চৰকাৰে।

Your Comments