"ৰাজ্যৰ কৃষকৰ উৎপাদিত ফচল চাৰ্টাৰ্ড বিমানেৰে ডুবাই,কুৱেইটলৈ নিয়াৰ কথা চলিছে"-মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী

Pic

'লকডাউন'ৰ বাবে ৰাজ্যৰ কৃষকে উৎপাদিত ফচল বিক্ৰীৰ বাবে চিন্তা কৰিব লগা হৈছে।বিক্ৰী কৰিব নোৱাৰি বহু কৃষকে উৎপাদিত ফচল কুইণ্টলে-কুইণ্টলে পেলাই দিব লগা হৈছে।ইফালে,কৃষিমন্ত্ৰীগৰাকীয়ে কৃষকৰ ফচল বিক্ৰীৰ বাবে উপযুক্ত ব্যৱস্থা কৰিব নোৱাৰি টুলুঙা মন্তব্য বিভিন্ন সময়ত প্ৰকাশ কৰি আহিছে।তেনে সময়তে ৰাজ্যৰ পৰিবহণ মন্ত্ৰী চন্দ্রমোহন পাটোৱাৰীয়ে কৃষকক দিছে এটা ভাল খবৰ।বিদেশলৈ ৰপ্তানি কৰা হ'ব পাৰে।ৰাজ্যৰ কৃষকে উৎপাদন কৰা ফচল।দিছপুৰত দেওবাৰে এখন সংবাদ মেল সম্বোধন কৰি তেওঁ কয়-"এটা কোম্পানীয়ে ৰাজ্যৰ কৃষকে উৎপাদন কৰা শাক-পাচলি চাৰ্টাৰ্ড বিমানেৰে ডুবাই,আবুধাবি আৰু কুৱেইটলৈ ৰপ্তানি কৰাৰ  কথা পৰিবহণ বিভাগৰ সৈতে আলোচনা কৰিছে।ইতিমধ্যে পৰিবহণ বিভাগে ৰপ্তানি কৰাৰ বাবে প্ৰয়োজনীয় সকলো ব্যৱস্থা কৰিছোঁঁ।কিন্তু কথাটো কিমান আগবাঢ়িছে নাজানো।"

মন্ত্ৰীগৰাকীয়ে প্ৰকাশ কৰা অনুসৰি-"প্ৰতিদিনে বিমানেৰে ১০টনকৈ দুবাৰ ফচলসমূহ নিয়াৰ কথা আমাৰ আগত কোম্পানীটোৱে কৈছে।"

Your Comments