ৰাজ্যত ২৮-৩০ এপ্ৰিলত ব্যক্তিগত ৰাউণ্ড ট্ৰিপৰ আবেদন কৰা বাহন চলাচলৰ অনুমতি:এএছটিচিৰ সেৱা ৩০ এপ্ৰিললৈ বৃদ্ধি

Pic

'লকডাউন'ৰ মাজতে পুনৰ ৰাজ্য চৰকাৰৰ গুৰুত্বপূৰ্ণ সিদ্ধান্ত।অহা ২৮,২৯,৩০এপ্ৰিলত ৰাজ্যৰ ব্যক্তিগত বাহনৰ গৰাকীলৈ দিয়া হ'ব ৰাউণ্ড ট্ৰিপৰ সুবিধা।এই কথা প্ৰকাশ কৰিছে স্বাস্থ্য মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাই।উল্লেখ যে ৰাজ্য চৰকাৰে এখন জিলাৰ পৰা আন এখন জিলালৈ যাবলৈ ৩৪,৫৫৯খন ৰাউণ্ড ট্ৰিপৰ আবেদন পাইছিল।সেই সময়ত চৰকাৰে ৰাউণ্ড ট্ৰিপৰ অনুমতি নিদিয়া বাবে ব্যক্তিসকলক যাত্ৰাৰ অনুমতি দিব পৰা নাছিল।কিন্তু শেহতীয়াভাৱে ৰাজ্য চৰকাৰে সেইসকল ব্যক্তিক ৰাউণ্ড ট্ৰিপৰ বাবে অনুমতি দিব বুলি ঘোষণা কৰিছে মন্ত্ৰী শৰ্মাই।

গুৱাহাটীৰ ৰাষ্ট্ৰীয় স্বাস্থ্য মিছনৰ কাৰ্যালয়ত এক সংবাদ মেল সম্বোধন কৰি মন্ত্ৰী শৰ্মাই কয়- "তিনিদিনৰ বাবে অনুমতি দিয়া অসম ৰাজ্যিক পৰিবহণ নিগমৰ বাছ সেৱা যাত্ৰীৰ আবেদনৰ সংখ্যা ওপৰত ভিত্তি কৰি ৩০ এপ্ৰিললৈ বৃদ্ধি কৰা হৈছে।যিহেতু অসম ৰাজ্যিক পৰিবহণ নিগমত ৪১হাজাৰ ব্যক্তিক তিনিদিনত নিব পৰাকৈ বাছৰ সুবিধা নাই।তাৰ বাবে লোৱা হৈছে এই অতিৰিক্ত সময়।"

"ৰাজ্যৰ ভিতৰত বিভিন্ন ঠাইত আৱদ্ধ হৈ থকা ব্যক্তিসকলক যদি নিজৰ নিজৰ ঠাইলৈ প্ৰেৰণ কৰিব পৰা যায়,তেতিয়া অহা ৩মে'ৰ পিছত বৰ্হিৰাজ্যত আৱদ্ধ হৈ থকা অসমৰ লোকসকলৰ ব্যৱস্থা ল'বলৈ আমাৰ সুবিধা হ'ব।"উল্লেখ কৰে মন্ত্ৰী শৰ্মাই।

Your Comments