দেওবাৰে ৰাজ্যত ৮জন ক'ৰ'না আক্রান্তক দিয়া হ'ল ৰিলিজ

ক'ৰ'নাৰ আতংকৰ মাজতে ৰাজ্যবাসীৰ বাবে এটা ভাল খবৰ।বিভিন্ন চিকিৎসালয়ত ভৰ্তি হৈ থকা ক'ৰ'না ৰোগীসকল ক্ৰমাৎ সুস্থ হৈছে ৰাজ্যত।দেওবাৰে সুস্থ হৈ উঠা আঠগৰাকীকৈ আক্রান্তক দিয়া হয় ৰিলিজ।চাৰিগৰাকীক গোলাঘাট অসামৰিক চিকিৎসালয়ত আছে আৰু চাৰিগৰাকীৰ মহেন্দ্ৰ মোহন চৌধুৰী চিকিৎসালয়ত আছে।

উল্লেখ যে ৰাজ্যত মুঠ ৩৫গৰাকীৰ ব্যক্তি আক্রান্ত হৈছে ক'ৰনাত তাৰে ১গৰাকীৰ মৃত্যু হোৱাৰ বিপৰীতে ১৯গৰাকী ইতিমধ্যে সুস্থ হৈছে।১৫গৰাকী চিকিৎসাধীন হৈ থকাৰ মাজতে আজি তাৰে ৮জন সুস্থ হৈ উঠাত দিয়া হ'ল ৰিলিজ।বৰ্তমান ৭জন চিকিৎসাধীন।

গুৰুত্বপূৰ্ণ যে অসমৰ প্ৰথমজন ক'ৰ'না আক্রান্ত বৰ্তমানো সুস্থ হৈ উঠা নাই।তেওঁ শিলচৰ মেডিকেল কলেজ হাস্পতালত আছে।এখন সংবাদ  মেলত স্বাস্থ্যমন্ত্ৰী ডঃ হিমন্ত  বিশ্ব শৰ্মাই কয়।

Your Comments