ৰাজ্যৰ যান-বাহনৰ গৰাকীলৈ পৰিবহণ বিভাগৰ সাময়িক সকাহ

Pic

'লকডাউন'ৰ বাবে ৰাজ্যৰ পৰিবহণ বিভাগৰ গুৰুত্বপূৰ্ণ ঘোষণা।ৰাজ্যত চলাচল কৰা যিসমূহ যান-বাহনৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ তাৰিখ চলিত বর্ষৰ পহিলা ফেব্ৰুৱাৰীত শেষ হৈছে,তেওঁলোকৰ অনুজ্ঞাপত্ৰৰ বৈধতাৰ তাৰিখ ৩০জুনলৈ বৃদ্ধি কৰা হৈছে।এই কথা টুইটাৰৰ জৰিয়তে প্ৰকাশ কৰিছে পৰিবহণ মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰীয়ে।

Pic

যান-বাহনৰ গৰাকীসকলে অনুজ্ঞাপত্ৰৰ বৈধতা শেষ হোৱাৰ বাবে চিন্তা কৰাৰ প্ৰয়োজন নাই।সকলো যান-বাহন,ড্ৰাইভিং লাইচেন্স,ফিটনেছ চাৰ্টিফিকেট,ৰেজিষ্ট্ৰেছন চাৰ্টিফিকেট, পলিউচন চাৰ্টিফিকেটৰ বৈধতা ৩০জুনলৈ বৃদ্ধি কৰা হৈছে।মন্ত্ৰী পাটোৱাৰীৰ টুইটাৰত এইদৰে উল্লেখ আছে।

Your Comments