"ৰাজ্যত দোকান খোলা-নোখোলাৰ সিদ্ধান্ত ২৭ এপ্ৰিলত লোৱা হ'ব"-মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মা

Pic

কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে দেশজুৰি দোকানসমূহ মুকলি কৰিব পাৰিব বুলি নিৰ্দেশনা জাৰি কৰাৰ পিছতে ৰাজ্যত পুৱা মুকলি কৰা হৈছিল এটা মাহ ধৰি বন্ধ হৈ থকা দোকানসমূহ।দোকানসমূহ মুকলি কৰাৰ পিছতে মন্ত্ৰী ড: হিমন্ত বিশ্ব শৰ্মাৰ গুৰুত্বপূৰ্ণ ঘোষণা-'ৰাজ্যত ২৭ এপ্ৰিলৰ পিছতহে দোকান খোলা-নোখোলা সিদ্ধান্ত লোৱা হ'ব।'

"২৭ এপ্ৰিলৰ দিনৰ ভাগত দেশৰ প্ৰধানমন্ত্ৰীৰে সকলো ৰাজ্যৰ মুখ্যমন্ত্ৰীসকলৰ বৈঠক আছে।বৈঠকৰ পিছতে অসম ৰাজ্যিক কেবিনেট বৈঠক অনুষ্ঠিত হ'ব।উক্ত বৈঠকত শেহতীয়া পৰিস্থিতিৰ পৰ্যালোচনা কৰি লোৱা হ'ব সিদ্ধান্ত"- মন্ত্ৰী শৰ্মাই কয়।

আজিৰে পৰা ৰাজ্যত দোকান খোলাৰ কোনো নিৰ্দেশনা জাৰি কৰা হোৱা নাই।গতিকে সকলোৱে লকডাউন মানি থাকক।লগতে মন্ত্ৰী শৰ্মাই কয়।

Your Comments