কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে আজিৰে পৰা সমগ্ৰ দেশত দোকান খোলাৰ নিৰ্দেশনা জাৰি কৰাৰ পিছতে ৰাজ্যৰ মুখ্য সচিবৰ বিশেষ টুইট।মুখ্য সচিব কুমাৰ সঞ্জয় কৃষ্ণই জনালে -"চলি থকা 'লকডাউন' শিথিল হোৱা নাই।২৭এপ্ৰিলত এই সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত।"
'ৰাজ্যত দুদিনৰ পিছত সকলো পৰিস্থিতিৰ পৰ্যালোচনা কৰি দোকান,বিউটী পাৰ্লাৰ আদি খোলা সন্দৰ্ভত লোৱা হ'ব সিদ্ধান্ত'-মুখ্য সচিবগৰাকীৰ টুইটত উল্লেখ আছে।
তাৎপৰ্যপূৰ্ণ যে শুকুৰবাৰে কেন্দ্ৰীয় গৃহ মন্ত্ৰণালয়ে কিছু নীতি-নিৰ্দেশনাৰ মাজত দেশত দোকানসমূহ খুলিব পাৰিব বুলি জাৰি কৰিছিল এটা নিৰ্দেশনা।সেই নিৰ্দেশনাৰ বিষয়ে সংবাদ মাধ্যমত প্ৰকাশ পোৱাৰ পিছতে ৰাজ্যত আজি পুৱা সুদীৰ্ঘ এটা মাহ ধৰি বন্ধ হৈ থকা দোকানসমূহ খুলিছিল।তেনে সময়তে ৰাজ্যৰ মুখ্য সচিবগৰাকীয়ে ৰাজ্যবাসীক উদ্দেশ্য কৰি কৈছে-"ৰাজ্যত দোকানসমূহ মুকলি কৰাৰ সিদ্ধান্ত ২৭এপ্ৰিল সোমবাৰে পৰ্যালোচনাৰ পিচতহে লোৱা হ'ব।"
- Log in to post comments
- 93 views