মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ ঘোষণা-'বিনামূলীয়া হ'ব একমুখী যাত্ৰা':শনিবাৰৰ পৰা তিনিদিনৰ বাবে  বাছসেৱা মুকলি

Pic

ৰাজ্যৰ জিলাত আৱদ্ধ হৈ থকা ব্যক্তিসকলক সহায় কৰাৰ উদেশ্যেৰে শনিবাৰৰ পৰা তিনিদিনৰ বাবে ৰাজ্যিক পৰিবহণ নিগমৰ দূৰণিৱতীয়া বাছ সেৱা।যাত্ৰা সম্পূৰ্ণ বিনামূলীয়া হ'ব।ইতিমধ্যে ১০৪ৰ জৰিয়তে নাম পঞ্জীয়ন কৰা হৈছে যাত্ৰীসকলৰ।ঘোষণা মন্ত্ৰী ডঃ হিমন্ত বিশ্ব শৰ্মাৰ।

উল্লেখ যে সমগ্ৰ ৰাজ্যত বিভিন্ন জিলাত আৱদ্ধ হৈ থকা ৪১হাজাৰ ৬৯০জন যাত্ৰীযে ইতিমধ্যে আৱেদন  কৰিছে।তেওঁলোকৰ টিকটসমূহ যাত্ৰা দিনাৰ এছএমএছৰ জৰিয়তে লাভ কৰিব মোবাইলত।

মন্ত্ৰী শৰ্মাই উল্লেখ কৰা অনুসৰি আবেদন কৰা ব্যক্তিসকলৰ বাবে প্ৰয়োজনত তিনিদিনৰ ঠাইত দুই-এদিন বৃদ্ধি কৰিব লগা হ'লেও সময় কৰা হ'ব বৃদ্ধি।তাৰ বাবে কোনো যাত্ৰীয়ে চিন্তিত হোৱাৰ প্ৰয়োজন নাই।

গুৱাহাটী মহানগৰীত বিভিন্ন ঠাইৰ পৰা যাত্ৰীসকলক বাছ চলাচল কৰিব লগা নিৰ্দিষ্ট ঠাইলৈ অনা-নিয়া কৰাৰ বাবে ১০০খন অ'লা-উবেৰ আৰু ৩০খন ৰাজ্যিক পৰিবহণ নিগমৰ চিটি বাছ চলাচল কৰিব।

ইফালে বহু সংখ্যক ব্যক্তিয়ে ১০৪ফোন কৰি যোগাযোগ কৰিব নোৱাৰা বুলি উঠা অভিযোগৰ সন্দৰ্ভত মন্ত্ৰী শৰ্মাই কয়-'ভৱিষ্যতে যদি লকডাউন বৃদ্ধি পায়,তেন্তে পুনৰ এইদৰে মাজতে দুই-এদিনৰ বাবে খোলা হ'ব বাছসেৱা।কোনো ব্যক্তিয়ে যাতে চিন্তা কৰিব নালাগে।'

আনহাতে,যাত্ৰা সম্পূৰ্ণ একমুখী হ'ব বুলি উল্লেখ কৰি মন্ত্ৰী শৰ্মাই নিজা বাহন থকা ৫১,৪০২জন ব্যক্তিয়ে আবেদন কৰিছিল বুলি জানিবলৈ দিয়ে।তাৰে ১২,২০৬ জনে  শনিবাৰে যাত্ৰা কৰিব।১৯হাজাৰ বাকী দুটা দিনত যাব।ইফালে ১৯হাজাৰ ব্যক্তিয়ে তথ্য ভুলকৈ দিয়াৰ বাবে আবেদন খাৰিজ কৰা হৈছে।

আনহাতে,ৰাজস্থানৰ কোটাত আৱদ্ধ হৈ থকা ৰাজ্যৰ ৩৯১গৰাকী ১৮বছৰৰ তলৰ ছাত্ৰ-ছাত্ৰীক ৰাজ্য চৰকাৰৰ হস্তক্ষেপত ১৭খন বাছত অসমলৈ ঘূৰাই অনা হৈছে বুলি মন্ত্ৰী শৰ্মাই উল্লেখ কৰে।ছাত্ৰ-ছাত্ৰীসকলে দেওবাৰে পুৱা ৫ বজাত অসম পাবহি।তাৰ পিছতে সৰুসজাই অথবা শ্ৰীৰামপুৰৰ কোৱাৰেণ্টাইন চেণ্টাৰত ৰখা হ'ব।

তাৰ পৰৱৰ্তী সময়ত পঞ্চম দিনত ছাত্ৰ-ছাত্ৰীসকলক কৰা হ'ব টেষ্ট।যিসকল ছাত্ৰ-ছাত্ৰী ঘৰলৈ যাব পৰা হ'ব বুলি চিকিৎসক সকলে ক'ব তেওঁলোকক পঠাই দিয়া হ'ব।তেওঁলোক ৰাজস্থানত কোৱাৰেণ্টাইনত আছিল মন্ত্ৰী শৰ্মাই কয়।

উল্লেখ যে ছাত্ৰ-ছাত্ৰীসকলৰ সৈতে আছে ৮ জন অসম আৰক্ষীৰ বিষয়া।

Your Comments