কটন বিশ্ববিদ্যালয়ৰ তিনিটা হোষ্টেলৰ ছাত্ৰ-ছাত্ৰীয়ে 'অসম আৰোগ্য নিধি'লৈ আগবঢ়ালে ১৩,৮০১ টকা

Pic

বিশ্বত্ৰাস ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ যুঁঁজলৈ ৰাজ্য চৰকাৰক সহায়ৰ হাত কটন বিশ্ববিদ্যালয়ৰ একাংশ ছাত্ৰ-ছাত্ৰীৰ।বিশ্ববিদ্যালয়খনৰ তিনিটা হোষ্টেল ক্ৰমে এমএনডিপি,এছকেএল আৰু ডিকেআৰ আৱাসিক ছাত্ৰ-ছাত্ৰীসকলে 'অসম আৰোগ্য নিধি'লৈ আগবঢ়াই আৰ্থিক সাহায্য।তিনিটা হোষ্টেলৰ প্ৰায় ২২০ গৰাকী আৱাসিক ছাত্ৰ-ছাত্ৰীয়ে মুঠ ১৩হাজাৰ ৮০১টকা 'অসম আৰোগ্য নিধি'লৈ আগবঢ়ায়।এই কথা জানিবলৈ দিয়ে কটন বিশ্ববিদ্যালয়ৰ প্ৰাক্তন সাধাৰণ সম্পাদক তথা মহেন্দ্ৰ নাথ ডেকা ফুকন ছাত্ৰবাসৰ ছাত্ৰ প্ৰাঞ্জল কলিতাই।

উল্লেখ যে 'লকডাউন'ৰ বাবে বিশ্ববিদ্যালয়ৰ হোষ্টেলসমূহ বৰ্তমান বন্ধ হৈ আছে।ছাত্ৰ-ছাত্ৰীসকলে ঘৰত থাকিয়ে সমাজিক মাধ্যম অথবা মোবাইল ফোনৰ জৰিয়তে যোগাযোগ কৰি অৰ্থসংগ্ৰহ কৰি শুকুৰবাৰে জমা দিয়ে অসম আৰোগ্য নিধিত।

ইতিমধ্যে ১০০কোটিৰ ওপৰত আৰ্থিক অনুদান সংগ্ৰহ হৈছে অসম আৰোগ্য নিধিত।

Your Comments