ক'ৰ'না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধৰ বাবে চৰকাৰে মাস্ক পিন্ধাটো বাধ্যতামূলক কৰাৰ পিছতে অধিক কঠোৰ হৈছে অসম আৰক্ষী।মাস্ক পৰিধান নকৰাকৈ চলাচল কৰা লোকৰ ওপৰত তীক্ষ্ণ নজৰ ৰাখিছে গুৱাহাটী আৰক্ষীয়ে।এই কথা প্ৰকাশ কৰিছে আৰক্ষী আয়ুক্ত মুন্না প্ৰসাদ গুপ্তাই।
আয়ুক্ত গুপ্তাই প্ৰকাশ কৰা অনুসৰি মহানগৰীত বহুসংখ্যক ব্যক্তিয়ে গুৰুত্ব দিয়া মাস্ক পৰিধান কৰাত।মহানগৰী আৰক্ষীয়ে এই পৰ্যন্ত মাস্ক নিপিন্ধাৰ বাবে ২৬৫জনক গ্ৰেপ্তাৰ কৰিছে।
ইফালে,লকডাউন ভংগ কৰাৰ আৰু প্ৰশাসনে বান্ধি দিয়া নিময় ভংগ কৰা বাবে ৮৬৭২খন বাহন বৰ্তমানলৈ জব্দ কৰা হৈছে গুৱাহাটীত।এই কথা আয়ুক্ত গুপ্তাই জানিবলৈ দিয়ে।
ইফালে,আয়ুক্ত গুপ্তাই গুৱাহাটীবাসীক আহ্বান জনাই কয়-'মাস্ক পিন্ধি ৰাজপথলৈ ওলাব।অন্যথা কঠোৰ হ'ব আৰক্ষী।'
- Log in to post comments
- 14 views