কামৰূপ(মহানগৰ)জিলাত বুকষ্টল খোলাৰ নতুন সময় নিৰ্ধাৰণ প্ৰশাসনৰ:সম্পূৰ্ণকৈ জানি লওক

Pic

'লকডাউন'ৰ মাজতে কেন্দ্ৰীয় চৰকাৰৰ নির্দেশ মৰ্মে গুৱাহাটীৰ কিতাপৰ দোকান মুকলি কৰাৰ বাবে কামৰূপ(মহানগৰ)জিলা প্ৰশাসনে জাৰি কৰিলে নতুন নিৰ্দেশনা।পূৰ্বৰ নিৰ্দেশনাত উল্লেখ থকা সময়ৰ কিছু সাল-সলনি কৰি প্ৰশাসনে জাৰি কৰিছে নতুন নিৰ্দেশনা।সপ্তাহত তিনিদিন খুলিব পাৰিব বুকষ্টলসমূহ।পুৱা ১০বজাৰ পৰা দুপৰীয়া ১বজালৈ জিলাখনত সোমবাৰ,বুধবাৰ আৰু শুকুৰবাৰে খোলা থাকিব বুকষ্টলসমূহ।উল্লেখ যে পূৰ্বতে জাৰি কৰা নিৰ্দেশনাত চিহ্নিত কৰি দিয়া  হোৱা নাছিল নিৰ্দিষ্ট বাৰ।পুৱা ১০বজাৰ পৰা আবেলি ৫বজালৈ খোলাৰ অনুমতি প্ৰদান কৰা হৈছিল।

ইয়াৰ উপৰিও বুকষ্টল মুকলি কৰাক লৈ জাৰি কৰা আন নীতি-নিয়মসমূহ হৈছে-'ছাত্ৰ-ছাত্ৰীৰ বাবে খুলিব পাৰিব কিতাপৰ দোকানসমূহ।'

'হোম ডেলিভাৰীৰ ব্যৱস্থা কৰিব লাগে কিতাপৰ দোকানসমূহে।'

'কোনো অভিভাৱক তথা ছাত্ৰ-ছাত্ৰীয়ে কিতাপ ক্ৰয় কৰাৰ বাবে ব্যৱহাৰ কৰিব নোৱাৰিব যান-বাহন।'

'ছাত্ৰ-ছাত্ৰী তথা অভিভাৱকসকলে কিতাপ ক্ৰয় কৰিবলৈ আহোঁতে কোনোধৰণৰ অনুজ্ঞাপত্ৰ ল'ব নালাগে বা প্ৰশাসনৰ ফালৰ পৰাও প্ৰদান কৰা নহ'ব।'

ইয়াৰ উপৰিও কিতাপ ক্ৰয় কৰিবলৈ যাওঁতে মানি চলিব লাগিব সামাজিক দূৰত্ব।লগতে, কৰ্মচাৰীসকলে মাক্স ব্যৱহাৰ কৰিব লাগিব।থাকিব লাগিব চেনিটাইজাৰ ব্যৱস্থা।

একেদৰে বুকষ্টলৰ কৰ্মচাৰীসকলে যান-বাহন লৈ আহিলে দেখুুৱাব লাগিব পৰিচয়-পত্ৰ।

এইসমূহ নিৰ্দেশনা মানি চলি কামৰূপ(মহানগৰ)জিলাত খুলিব পাৰিব কিতাপৰ দোকানসমূহ।

Your Comments