ক'ৰ'না সংকটৰ বাবে কামাখ্যা দেৱালয়ৰ আগন্তুক অম্বুবাচী মেলা বাতিল

Pic

ক'ৰ'না সংক্ৰমণৰ সংকটৰ বাবে পূৰ্বৰ বছৰৰ দৰে এইবাৰ আয়োজন কৰা নহয় কামাখ্যাৰ অম্বুবাচী।মাত্ৰ নিয়ম মাফিক আনুষ্ঠানিকতা ৰক্ষা কৰি ধাৰ্মিক ৰীতি-নীতিৰে সামৰণি পৰিব এইবাৰৰ অম্বুবাচীৰ।এই কথা প্ৰকাশ কৰিছে কামাখ্যা দেৱালয়ৰ দলৈ মোহিত চন্দ্ৰ শৰ্মাই ৷ 

সংবাদ মাধ্যমৰ আগত প্ৰকাশ কৰা অনুসৰি অম্বুবাচী মেলালৈ যদিও মাজত দুটা মাহ বাকী আছে,তাৰ পূৰ্বেই দেৱালয়  কৰ্তৃপক্ষই লোৱা সিন্ধান্ত অনুসৰি পূৰ্বৰ সেই জাকজমকতাপূৰ্ণ অম্বুবাচী মেলা সম্পূৰ্ণৰূপে বাতিল কৰা হৈছে।ইয়াৰ পৰিৱৰ্তে একমাত্ৰ  মূল পূজা ভাগেই অনুষ্ঠিত হ'ব অম্বুবাচীত ৷ 

'অম্বুবাচী মেলালৈ দেশৰ লগতে বিদেশৰ পৰাও আহে লাখ লাখ ভক্ত।কিন্তু সামাজিক দূৰত্ব মানি চলাৰ ক্ষেত্ৰত আমাৰ এই ক্ষুদ্ৰ ঠাইখিনি যথেষ্ট নহয় বাবেই বাতিল কৰিছোঁ    অম্বুবাচী মেলা'-এইদৰে কয় দলৈ শৰ্মাই ৷ 

'স্থানীয় ৰাইজে আগন্তুক অম্বুবাচীৰ বাবে যাতে কোনো ব্যক্তিক ঘৰভাড়া নিদিযে তাৰ বাবে গোহাৰি জনোৱা হৈছে বুলিও জানিবলৈ শৰ্মাই।

আনহাতে,এই মহামাৰী ক'ৰ'নাৰ পৰা বিশ্ববাসীক ৰক্ষা কৰাৰ বাবে দেৱালয় কৰ্তৃপক্ষই কামাখ্যা দেৱীৰ শ্ৰীচৰণত সেৱা নিবেদিছে বুলি মন্তব্য কৰে দলৈ শৰ্মাই।

Your Comments