ৰাজ্য কঁপাই যোৱা ঝংকাৰ শইকীয়া হত্যাকাণ্ডত দোষী সাব্যস্ত হোৱা অপৰাধীৰ শাস্তি ঘোষণা কৰা হৈছে।ডিফু সত্ৰ ন্যায়িক দণ্ডাধীশৰ আদালতে শুকুৰবাৰে ১২টা হত্যাকাৰীকে যাৱজ্জীৱন কাৰাদণ্ডৰে দণ্ডিত কৰিছে।উল্লেখ যে সুদীৰ্ঘ সাত বছৰৰ পিছত যোৱা ২৪ ফেব্ৰুৱাৰীত আদালতে ১২ গৰাকীক দোষী সাব্যস্ত কৰাৰ বিপৰীতে ৪ গৰাকী অভিযুক্তক দোষমুক্ত ঘোষণা কৰিছিল।সেই অনুসৰি দোষী সাব্যস্তসকলৰ শুকুৰবাৰে ঘোষণা কৰা হয় শাস্তি। গুৰুত্বপূৰ্ণ কথা এই যে ২০১৩ চনৰ ২৫ জুনত ডিফুৰ ৰাজপথত পিতৃ হৰেন শইকীয়াৰ সৈতে বজাৰ কৰিবলৈ যোৱাৰ সময়ত ১০ টকাৰ বাবে চাহৰখনৰ ৰাজপথত বেয়াকৈ আক্ৰমণ কৰিছিল কিশোৰ ঝংকাৰক।তাৰ পিছতে চিকিৎসাধীন অৱস্থাত ১ জুলাইত মৃত্যুক আকোঁৱালি লৈছিল ঝংকাৰে।
- Log in to post comments
- 5 views