আজি অসমলৈ অনা হৈছে শ্বাৰ্জীল ইমামক। দিল্লীৰ পৰা ব্ৰহ্মপুত্ৰ মেইল যোগে গুৱাহাটীলৈ আনি থকা হৈছে ইমামক।গধূলি ৭-১৫ বজাত গুৱাহাটীত উপস্থিত হোৱাৰ পিছতে কামৰূপ জিলা মুখ্য ন্যায়িক দণ্ডাধীশৰ আদালতত হাজিৰ কৰোৱা হ'ব ইমামক।তিহাৰ জে’ল কৰ্তৃপক্ষই অসমলৈ লৈ আনিছে শ্বাৰ্জীলক।লগত আছে অসম আৰক্ষীৰো এটা দল।
গুৱাহাটীত অপৰাধ অনুসন্ধান শাখায়ো সোধাপোছা কৰিব শ্বাৰ্জীলক। অসমক ভাৰতৰ পৰা বিচ্ছিন্ন কৰিব লাগে বুলি সাহীনবাগত কৰাৰ মন্তব্য বাবে শ্বাৰ্জীলৰ বিৰুদ্ধে অসম চৰকাৰে ৰুজু কৰিছিল ৰাষ্ট্ৰদ্ৰোহৰ গোচৰ।সেই গোচৰৰ ভিত্তিতে আজি অনা হৈছে গুৱাহাটীলৈ।
উল্লেখ যে শ্বাৰ্জীলক নিজৰ জিম্মাত ল’বৰ বাবে দীৰ্ঘদিন ধৰি দিল্লীত বাহৰ পাতিছিল অসম আৰক্ষীৰ দল।
- Log in to post comments
- 14 views