বুধবাৰে পুৱা গুৱাহাটীত উপস্থিত হৈছে 'নৰ্মদা বচাও আন্দোলন'ৰ নেত্ৰী মেধা পাটকাৰ আৰু মেগছেছে বঁটা বিজয়ী বিশিষ্ট সমাজকৰ্মী সন্দিপ পাণ্ডে।দুয়োগৰাকী সংগ্ৰামী নেতাই বুধবাৰে সাক্ষাৎ কৰিব কৃষক নেতা অখিল গগৈক।গুৱাহাটীৰ কেন্দ্ৰীয় কাৰাগাৰত আজি দিনৰ ১২ বজাত 'কা'ৰ বিৰুদ্ধে সংগ্ৰাম কৰি বন্দিত্বৰ জীৱন অতিবাহিত কৰা কৃষক নেতাগৰাকীক তেওঁলোকে সাক্ষাৎ কৰিব।ইয়াৰ পিছতে গুৱাহাটীৰ কৃষক মুক্তি সংগ্ৰাম সমিতিৰ মুখ্য কাৰ্যালয়ত পাটকাৰ আৰু পাণ্ডেই সম্বোধন কৰিব এখন সংবাদমেল।সংবাদমেল সম্বোধন কৰাৰ পিছতে বিয়লি ৪ বজাত কটন বিশ্ববিদ্যালয়ৰ চুদমাৰ্চন হলত 'সাম্প্ৰতিক সময়ৰ সমাজ-সচেতনতা সম্পৰ্কে আমাৰ ধাৰণা আৰু কৰিবলগা' বিষয়ত এখন আলোচনাচক্ৰত অংশগ্ৰহণ কৰিব। কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰ একতা সভাই আয়োজন কৰা আলোচনাচক্ৰখনৰ উপৰিও অসম নাগৰিক সমাজৰ সৈতে মত-বিনিময়ৰ এটা অনুষ্ঠানত তেওঁলোকে অংশগ্ৰহণ কৰিব।
- Log in to post comments
- 20 views