ধিঙৰ এআইইউডিএফ বিধায়ক আমিনুল ইছলামৰ আহোমবিৰোধী মন্তব্যৰ বিৰুদ্ধে বৃহস্পতিবাৰেও ৰাজ্যৰ বিভিন্ন প্ৰান্তত দল-সংগঠনে তীব্ৰ প্ৰতিবাদ সাব্যস্ত কৰে।আহোমসকল খিলঞ্জীয়া নহয় বুলি মন্তব্য কৰা আমিনুল ইছলামক সংবাদমেল অনুষ্ঠিত কৰি তীব্ৰ গৰিহণা দিয়ে লাচিত সেনাই।ইছলামক অতি শীঘ্ৰে ক্ষমা খুজিবলৈ দাবী জনায় সংগঠনটোৱে।আনহাতে,গুৱাহাটীৰ দীঘলী পুখুৰীৰ পাৰত আমিনুল ইছলামৰ পুত্তোলিকা দাহ কৰে অখিল ভাৰতীয় বিদ্যাৰ্থী পৰিষদে।একাংশ দল-সংগঠনে ইছলামৰ গ্ৰেপ্তাৰৰ দাবী উত্থাপন কৰিছে।
- Log in to post comments
- 24 views