হাজোৰ পৰা কমলাকান্ত দাস:
হাজো ৰাজহ চক্ৰৰ অন্তৰ্গত পশ্চিম বংশৰ আঞ্চলিক ছাত্ৰ সন্থাৰ উদ্যোগত আৰু সৰ্বসাধাৰণ ৰাইজৰ সঁহাৰিত বৃহস্পতিবাৰে সন্ধিয়া ৬ বজাত বৃহৎ জোঁৰ লৈ প্ৰতিবাদী সমদল উলিয়াই । বামুন্দী বজাৰ চ'কৰ পৰা সৰু লাহ ছহিদ বেদী চ'কলৈ প্ৰায় ছয় কিলোমিটাৰ পথত উলিওৱা এই সমদলত অংশ গ্ৰহণকাৰী সকলে হাতে হাতে বেনাৰ লৈ কেব আমি নামানো ,বাংলাদেশীৰ ৰক্ষক সৰ্বানন্দ হুচিয়াৰ ,কেন্দীয় চৰকাৰ হায় হায়,আদি চৰকাৰ বিৰোধী ধ্বনিৰে ৰাজপথ উত্তাল কৰি তোলে।আজিৰ এই প্ৰতিবাদী সমদলত সদৌ কামৰূপ জিলা ছাত্ৰ সন্থাৰ সভাপতি দিবাকৰ কলিতা, আছু নেতা পংকজ কলিতা ,সুৰজিত কলিতা, মানৱ ঠাকুৰীয়া ,অনুপ দাস প্ৰমুখ্যে আছুৰ নেতা কৰ্মীৰ লগতে সহস্ৰাধিক ৰাইজ অংশ গ্ৰহণ কৰে।
- Log in to post comments
- 6 views