জাতিধ্বংসী নাগৰিকত্ব সংশোধনী বিধেয়কৰ বিৰোধিতাৰে উত্তাল ৰাজ্য।কেব বাতিলৰ দাবীত ৰাজপথলৈ ওলাই আহিছে ৰাজ্যৰ ছাত্ৰ সমাজ।ৰাজ্যৰ ছাত্ৰ সমাজৰ সহযোগত কটনিয়ানৰ শুকুৰবাৰৰ ৰণহুংকাৰ কার্যসূচীৰ সফল আৰম্ভণি দেখি এতিয়া চিন্তিত হৈছে ৰাজ্যৰ সোণোৱাল চৰকাৰ।ফলত ছাত্ৰ আন্দোলন ৰোধ কৰাৰ বাবে চৰকাৰে ৰচনা কৰিছে অভিসন্ধি ৰচনা কৰাৰ অভিযোগ উঠিছে।তাৰ ফলস্বৰূপে শিক্ষা বিভাগৰ জৰিয়তে ছাত্ৰ আন্দোলন বন্ধ কৰাৰ বাবে সোণোৱাল চৰকাৰে প্ৰতিখন চৰকাৰী বিদ্যালয়, মহাবিদ্যালয় আৰু বিশ্ববিদ্যালয়লৈ এখন জাননি জাৰি কৰিছে।সেই অনুসৰি কোনো চৰকাৰী শিক্ষানুষ্ঠাৰ ছাত্ৰ-ছাত্ৰীয়ে 'কেব'বিৰোধী আন্দোলনত অংশগ্ৰহণ কৰিব নোৱাৰিব।যদি এই নির্দেশ অমান্য কৰে তেন্তে শিক্ষা বিভাগে কঠোৰ ব্যবস্থা গ্ৰহণ কৰিব। শিক্ষা বিভাগৰ এই নিৰ্দেশনাৰ পাছতে গৰজি উঠিছে ৰাজ্যৰ ছাত্ৰসমাজ।তেওঁলোকৰ স্পষ্ট কথা ৰাজ্যৰ ছাত্ৰ সমাজ কেবৰ বিৰুদ্ধে ওলাই আহিবই।কোনো শক্তিয়ে ছাত্ৰসমাজক দমন কৰিব নোৱাৰে।
ইফালে,শিক্ষা বিভাগৰ এই নিৰ্দেশনাৰ পিছতে কটনিয়ানে শুকুৰবাৰে নিশাই শিক্ষামন্ত্ৰী সিদ্ধাৰ্থ ভট্টাচাৰ্যৰ প্রতিমূৰ্তি দাহ কৰে।লগতে কটনিয়ানে কয় যে ছাত্ৰসমাজৰ গণতান্ত্ৰিক অধিকাৰ খৰ্ব কৰিবলৈ বিচাৰা শিক্ষা বিভাগৰ বিৰুদ্ধে দাখিল কৰিব গোচৰ। আনহাতে শিক্ষামন্ত্ৰী ভট্টাচাৰ্যৰ বাসগৃহত শুকুৰবাৰে ৰাতি কোনো অজ্ঞাত লোকে কেববিৰোধী পোষ্টাৰিং কৰে।শিক্ষামন্ত্ৰীক উদ্দেশ্য কৰি লিখা আছে-'শিক্ষামন্ত্ৰী তুমি আমাৰ মন্ত্ৰীহে,মালিক নহয়'। 'নমস্কাৰ,মই অসমৰ শিক্ষামন্ত্ৰী,পিতা :-গৌৰীশংকৰ ভট্টাচাৰ্য,তথাপি মই কেব সমৰ্থন কৰো'-পোষ্টাৰত উল্লিখিত। 'মই শিক্ষামন্ত্ৰী,ছাত্ৰ মোৰ চাকৰ। কেবৰ বিৰূদ্ধে আন্দোলন ছাত্ৰই কৰিব নোৱাৰিব,কাৰণ মই নাগপুৰৰ চাকৰ।' কটন বিশ্ববিদ্যালয়ৰ ছাত্ৰসমাজৰ ৰাজ্যৰ ছাত্ৰ সমাজলৈ মুকলি আহ্বান- 'শিক্ষা বিভাগৰ স্বেচ্ছাচাৰী নির্দেশ গুৰুত্বহীন কৰি সকলো ৰাজপথলৈ কেবৰ বিৰুদ্ধে ওলাই আহক।দেখুৱাইই দিয়ক চুকাফা, লাচিত,চিলাৰায়,মূলাগাভৰুৰ দেশৰ ছাত্ৰসমাজে এনেকুৱা নিৰ্দেশনাক যে কেৰেপ নকৰে।'
- Log in to post comments
- 17 views