'কেব' বিৰোধিতাৰে উত্তৰ-পূব বন্ধৰ আহ্বান নেছ'ৰ:বন্ধৰ পৰা ৰেহাই নাগালেণ্ডক

Pic

জাতিধ্বংসী 'নাগৰিকত্ব সংশোধনী বিধেয়ক-২০১৯'ৰ বিৰোধিতাৰে উত্তৰ-পূব ছাত্ৰ সংগঠন চমুকৈ নেছ'ই আন্দোলনৰ কাৰ্যসূচী ঘোষণা কৰিছে।সংগঠনটোৱে দিনযোৰা কাৰ্যনিৰ্বাহক বৈঠকৰ পিছতে ঘোষণা কৰিছে কেব বিৰোধী আন্দোলনৰ কাৰ্যসূচী।সেই অনুসৰি অহা ১০ ডিচেম্বৰত উত্তৰ-পূব বন্ধৰ আহ্বান জনোৱা হৈছে।পুৱা ৫ বজাৰ পৰা সন্ধিয়া ৫ বজালৈ আহ্বান জনোৱা বন্ধৰ কাৰ্যসূচী সকলোকে শান্তিৰে সফল কৰাৰ বাবে আহ্বান জনাইছে সংগঠনটোৱে।এই কথা এখন সংবাদমেলৰ জৰিয়তে ঘোষণা কৰিছে সংগঠনটোৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই। আনহাতে,ভট্টাচাৰ্যই লগতে প্ৰকাশ কৰা অনুসৰি হৰ্নবিল মহোৎসৱৰ বাবে নাগালেণ্ডক এই বন্ধৰ পৰা ৰেহাই দিয়া হৈছে।তাৰ পৰিৱৰ্তে নেছ'ৱে সেইদিনা নাগালেণ্ডৰ ৰাজভৱন ঘেৰাও কৰিব। কাৰ্যসূচী ঘোষণা কৰি ভট্টাচাৰ্য আৰু কয় যে দিল্লীয়ে কলকাতাৰ পিছত এটা অঞ্চল আছে বুলি ভবা নাই। উত্তৰ-পূবক ভাগ ভাগ কৰিব বিচাৰিছে।তেওঁলোকে কেব আনিবলৈ বিচাৰিছে।সেই বাবে উত্তৰ-পূবে হাতে-হাত ধৰি দেখুৱাই দিম উত্তৰ-পূব এক বুলি।তেওঁলোকৰ কোনো শক্তিয়ে যে ভাগ ভাগ কৰিব নোৱাৰে বুলি। উল্লেখ্য যে অহা ৯ ডিচেম্বৰত লোকসভাত উত্থাপন হ'ব কেব।তাৰ পিছতে ১০ ডিচেম্বৰত ৰাজ্যসভাত উথাপন কৰিব বিধেয়কখন। ইফালে,যদি চৰকাৰে বিধেয়ক বাতিল নকৰে,তেন্তে আগন্তক দিনত দিল্লী আৰু সমগ্ৰ উত্তৰ-পূব জুৰি অব্যাহত থাকিব এই আন্দোলন অব্যাহত থাকিব বুলি কয় ডঃ ভট্টাচাৰ্যই। উল্লেখ্য যে মহানগৰীৰ প্ৰাগ কণ্টিনেন্টেলত সম্বোধন কৰা সংবাদ মেলত উত্তৰ-পূবৰ ছাত্ৰ সংগঠনৰ সৈতে উপস্থিত থাকে শিল্পী জুবিন গাৰ্গ।

Your Comments