নিউজ ডেস্ক :
প্ৰকাশিত ৰাষ্ট্ৰীয় নাগৰিকপঞ্জীত ৰৈ যোৱা ক্ৰুটি সমূহৰ নিৰাময় বিচাৰি সদৌ অসম ছাত্ৰ সন্থাই উচ্চতম ন্যায়ালয়ত কৰা আৱেদনৰ শুনানিৰ দিন ধার্য কৰা হৈছে।অহা ২৬নৱেম্বৰত উচ্চতম ন্যায়ালয়ে গ্ৰহণ কৰিব আছুৱে দাখিল কৰা আৱেদনৰ শুনানি। বৃহস্পতিবাৰে এই কথা জানিবলৈ দিছে আছুৰ উপদেষ্টা ডঃ সমুজ্জ্বল কুমাৰ ভট্টাচাৰ্যই।
"উচ্চতম ন্যায়ালয়ৰ নিৰীক্ষণত সম্পূৰ্ণ হোৱা এনআৰচিক লৈ আমি আশা কৰিছিলোঁ বাংলাদেশী নাম মুক্ত নাগৰিকপঞ্জী এখন ৰাজ্যবাসীয়ে লাভ কৰিব।কিন্তু দুৰ্ভাগ্যৰ কথা যে কেন্দ্ৰ আৰু ৰাজ্য চৰকাৰৰ ব্যৰ্থতাৰ বাবে লগতে তেওঁলোকে উচ্চতম ন্যায়ালয়ৰ নিৰ্দেশনাৱলী কাৰ্যকৰী নকৰা বাবেই আজি এই পৰিস্থিতিৰ আমি সন্মুখীন লবলগীয়া হৈছোঁ।উচ্চতম ন্যায়ালয়ে এই দিশত উপযুক্ত নিৰাময়ৰ ব্যৱস্থা ল'ব বুলি আশা প্ৰকাশ কৰি পুংখানু-পুংখ পুনৰ পৰীক্ষাৰ বাবে আছুৱে ইতিমধ্যেই ন্যায়ালয়লত আৱেদন জনাইছে বুলি উল্লেখ কৰে ডক্টৰ ভট্টাচাৰ্য"।
ইয়াৰ উপৰিও নেছ কাৰ্যনিৰ্বাহক বৈঠকত হোৱা সিদ্ধান্তৰ কথা সদৰী কৰি ভট্টাচাৰ্যই পুনৰ কয় যে"সমগ্ৰ উত্তৰ-পূৰ্বাঞ্চলত হ'ব লাগিব এনআৰচি।উত্তৰ-পূৰ্বৰ প্ৰতিখন ৰাজ্যৰ বাবে উন্নীতকৰণ কৰিব লগা এনআৰচিৰ মডেলিতি বেলেগ হ'ব পাৰে।কিন্তু উত্তৰ-পূৰ্বাঞ্চলতে ৰাষ্ট্ৰীয় নাগৰিকপঞ্জী লাগিবই"।
আনহাতে উত্তৰ-পূর্বাঞ্চলৰ খিলঞ্জীয়াক ভূমি আৰু সম্পদৰ অধিকাৰ সহ বিশেষ সাংবিধানিক মৰ্যাদা প্ৰদান কৰি সাংবিধানিক সুৰক্ষা কৱচ প্ৰদান কৰিবলৈয়ো কেন্দ্ৰীয় চৰকাৰক দাবী জানাই নেছ' সাধাৰণ সম্পাদক শ্ৰীৰাম প্ৰকাশে।তেওঁ লগতে উত্তৰ-পূৰ্বাঞ্চলৰ প্ৰতিখন ৰাজ্যতে ইনাৰ লাইন পাৰ্মিটৰ ব্যৱস্থা কৰিবলৈয়ো দাবী উত্থাপন কৰে।এই সাংবিধানিক অধিকাৰ নোপোৱা লৈকে নেছ' ক্ষান্ত নহয় বুলিও উল্লেখ কৰে সম্পাদক শ্ৰীৰাম প্ৰকাশে।
ইফালে গুৰুত্বপূৰ্ণ কথা এই যে প্ৰকাশিত এনআৰচি সন্দৰ্ভত পূৰ্বতে প্ৰতিটো গুৰুত্বপূৰ্ণ শুনানি উচ্চতম ন্যায়ালয়ৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে গ্ৰহণ কৰিছিল।কিন্তু অহা ২৬নৱেম্বৰত আছুৱে দাখিল কৰা আৱেদনৰ শুনানি গ্ৰহণ কৰিব নোৱাৰিব বৰ্তমানৰ মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈয়ে।কিয়নো অহা ১৭নৱেম্বৰত অন্তপৰিব গগৈৰ কাৰ্যকাল।
- Log in to post comments
- 2 views