অসমীয়া ভাষা পুনৰ উদ্ধাৰৰ ক্ষেত্ৰত বাপ্টিষ্টসকলৰ অৱদানৰ প্ৰতি সন্মান জনাই 'অৱদান' উন্মোচন

Pic

"অসমীয়া ভাষা-সাহিত্যলৈ বাপ্তিষ্ট মিছনেৰীসকলৰ অৱদান অতুলনীয় । অসমীয়া ভাষা সাহিত্যৰ বিকাশৰ ক্ষেত্ৰত 'অৰুণোদয়' আলোচনীৰ জৰিয়তে বাপ্তিষ্টসকলে যি পদক্ষেপ গ্ৰহণ কৰিছিল,তাক অসমীয়া  সমাজে কোনো দিনে পাহৰিব নোৱাৰে।ইয়াৰ উপৰিও অসমীয়া ভাষা কেৱল মাত্ৰ এটা মাতৃভাষা নহয়,ই হৈছে আমাৰ সভ্যতা,সংস্কৃতি।"এই কথা বৃহস্পতিবাৰে এখন গ্ৰন্থ উন্মোচনী সভাত  প্ৰকাশ কৰে অসম সাহিত্য সভাৰ সভাপতি ডঃ পৰমানন্দ ৰাজবংশীয়ে।

উল্লেখযোগ্য যে ১৮৪৫  চনৰ ২৫ জানুৱাৰীত নাথান ব্ৰাউন, মাইলছ
ব্ৰন্সন আৰু চাইৰাছ বাৰ্কাৰে  শিৱসাগৰ, গুৱাহাটী আৰু নগাঁৱত প্ৰতিষ্ঠা কৰা বাপ্তিষ্ট      মণ্ডলীৰ ১৭৫ বছৰীয়া বৰ্ষপূতি অনুষ্ঠান উপলক্ষে শুকুৰবাৰে গুৱাহাটীৰ বাপ্তিষ্টসকলে বৰ্ষপূতি অনুষ্ঠান ৰূপায়ণ কৰিছে। উক্ত অনুষ্ঠানৰ লগত সংগতি ৰাখি বৃহস্পতিবাৰে  গুৱাহাটী প্ৰেছ ক্লাবত  সুলেখক আজিজুল হকৰ  'অৱদান'  শীৰ্ষক  গ্ৰন্থখন আনুষ্ঠানিকভাৱে উন্মোচন কৰা হয়।অনুষ্ঠানত বিশিষ্ট অতিথিৰূপে উপস্থিত থাকে প্ৰাগজ্যোতিষ মহাবিদ্যালয়ৰ অধ্যক্ষ ডঃ দয়ানন্দ পাঠক আৰু অসম শিল্পী সন্মিলনৰ  সচিব কৈলাশ শৰ্মা। ভাষণ প্ৰসংগত ডঃ পাঠকে অৰুণোদয় যুগৰ ভাষা-সাহিত্যৰ লগতে অসমীয়া ভাষাৰ ক্ৰমবিকাশৰ সন্দৰ্ভত বক্তব্য প্ৰদান কৰে।

গ্ৰন্থখনৰ লেখক আজিজুল হকে ভাষণ প্ৰসংগত কয় যে ১৮৩৬ চনত অসমৰ পৰা অসমীয়া ভাষা আঁতৰাই বাংলা ভাষা প্ৰৱৰ্তন কৰাৰ পিছত অসমীয়া ভাষা পুনৰ উদ্ধাৰত বাপ্তিষ্টসকলে আগবঢ়োৱা অৱদানৰ  প্ৰতি সন্মান জনাই গ্ৰন্থখনৰ নাম অৱদান ৰখা হ'ল।

Your Comments