মঙলদৈত দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰ শিলা স্থাপন কৰিলে মুখ্যমন্ত্ৰী সোনোৱালে

আধাৰশিলা স্থাপন

১৫ ফেব্ৰুৱাৰী সোমবাৰে পূৱ-ভাৰতৰ প্ৰথমখন দক্ষতা বিশ্ববিদ্যালয়ৰ আধাৰশিলা মঙ্গলদৈত স্থাপন কৰা হয় ৷ অনুষ্ঠানত উপস্থিত থাকি মুখ্যমন্ত্ৰী সৰ্বানন্দ সোনোৱালে আধাৰশিলা স্থাপন কৰা দক্ষতা বিশ্ববিদ্যালয়খন মঙলদৈ চহৰৰ নাতিদূৰৈত গেৰিমাৰী গাঁৱত প্ৰায় ২৫০ বিঘা ভূমিত ১০০০ কোটি টকা ব্যয়েৰে নিৰ্মাণ হ’ব বুলি জানিব পৰা গৈছে ৷ বিশ্ববিদ্যালয় খন ২০২৬ চনত সম্পূৰ্ণ হৈ উঠিব। 

উক্ত অনুষ্ঠানত পৰিবহন আৰু উদ্যোগ মন্ত্ৰী চন্দ্ৰ মোহন পাটোৱাৰী, মঙলদৈ লোকসভাৰ সাংসদ তথা ভাৰতীয় জনতা দলৰ ৰাষ্ট্ৰীয় সম্পাদক দিলীপ শইকীয়া ,মঙলদৈ সমষ্টিৰ বিধায়ক গুৰুজ্যোতি দাস,ছিপাঝাৰ বিধান সভা সমষ্টিৰ বিধায়ক বিনন্দ শইকীয়া আৰু অসম দক্ষতা বিশ্ববিদ্যালয় প্ৰকল্পৰ মুখ্য কাৰ্যবাহী বিষয়া আনন্দ প্ৰকাশ তিৱাৰী উপস্থিত থাকে ।

জানিব পৰা অনুসৰি, এই বিশ্ববিদ্যালয়ত একে সময়তে বাৰটা পাঠ্যক্ৰমত দহ হাজাৰ শিক্ষাৰ্থীয়ে শিক্ষা গ্ৰহণ কৰিব পাৰিব। 

Your Comments