মহাকাশত ভাঁহি ফুৰা সৰু সৰু কিছুমান কৃষ্ণগহ্বৰ, সবিশেষ জানো আহক

Blackhole

চিন্তা সলনি কৰি দিব পৰা অভিজ্ঞতা। আকাশ অৱশ্য তেনেকুৱাই এটা বিষয়। য’ত আকাশৰ পৰা খহা ঘটনায়ো আমাক চমকিত কৰি তোলে।   

মহাকাশত থকা হাব্‌ল স্পেস টেলিস্ক’পত ধৰা পৰিছে সেইধৰণৰেই চমকিত কৰি তোলা আশ্চর্যকৰ বস্তু। পৃথিৱীৰপৰা ৭ হাজাৰ ৮০০ আলোকবর্ষ (7,800 light-years away)দূৰৰ গোলাকাৰ এক  নক্ষত্রপুঞ্জ 'এনজিচি-৬৩৯৭'।

Blackhole

NASA and ESA (European Space Agency)-ৰ বিজ্ঞানীসকলৰ বক্তব্য, এই ধৰণৰ মহাদৈত্যাকাৰ ব্লেকহ’ল অকস্মাৎ  সৃষ্টি হ’ব নোৱাৰে । মধ্যৱর্তী কোনো স্তৰ থাকিবৈয়ে লাগিব। সেই সৰু সৰু ব্লেক হ’লৰ ওজন বেছি আৰু আকাৰত বৃহৎ 'ইন্টাৰমিডিয়েট ক্লাছ ব্লেকহ’ল'। ই সূর্যতকৈ ১০০ ৰপৰা ১ হাজাৰ গুণ গধুৰ। কেৱল এটা বা দুটা তৰা ধ্বংস হ’লেই ইয়াৰ সৃষ্টি নহয় । বহুবোৰ তৰাৰ ধ্বংস হ’লেহে এনে ব্লেকহ’লৰ সৃষ্টিৰ হোৱাটো সম্ভৱ । 

বহু আগৰপৰাই জ্যোতির্বিজ্ঞানীসকলে কৈছিল যে, এনে কোনো নক্ষত্রপুঞ্জ এদিন পোৱা যাবই যাৰ কেন্দ্রত থাকিব এই ইন্টাৰমিডিয়েট ক্লাছ ব্লেক হ’ল।

হাব্‌ল স্পেস টেলিস্ক’পৰ নতুন প্রাপ্তিয়ে বিজ্ঞানীসকলৰ এই অনুমানকেই সত্য প্রমাণিত কৰিল। হাব্‌লত দেখা সেই ছবিত দেখা গ’ল, বৃহৎ বা মধ্যম আকাৰৰ কোনো ব্লেকহ’ল নাই। আছে কেৱল সৰু আকাৰৰ কিছুমান কৃষ্ণগহ্বৰ।

Your Comments