ৰাজ্যৰ যুৱ শক্তি ওলাই আহিব লাগে কৃষি খণ্ডলৈ-মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱালৰ আহ্বান

কৃষিমেলা

পশুপালন আৰু পশু চিকিৎসা বিভাগৰ লগতে অসম পশুধন আৰু হাঁহ কুকুৰা নিগমৰ উদ্যোগত খানাপাৰা পশুধন পাম খেল পথাৰত তিনিদিনীয়া কাৰ্যসূচীৰে অনুষ্ঠিত হোৱা পশুধন আৰু হাঁহ কুকুৰা মেলাৰ বুধবাৰে আনুষ্ঠানিক ভাৱে সামৰণি পৰে। উক্ত অনুষ্ঠানত উপস্থিত থাকে মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, জলসম্পদ মন্ত্ৰী কেশৱ মহন্ত, মন্ত্ৰী অতুল বৰা, পশুধন নিগমৰ অধ্যক্ষ মনোজ শইকীয়া প্ৰমুখ্যে কৃষি বিভাগৰ বহুকেইজন বিষয়া ৷

কৃষিমেলা

অনুষ্ঠানত মন্ত্ৰী অতুল বৰাই নিজৰ বক্তব্যত কয় যে, ক'ৰনা মহামাৰীৰ বাবে খানাপাৰা পশু চিকিৎসা মহাবিদ্যালয় বিশ্ববিদ্যালয়লৈ উন্নীতকৰণৰ প্ৰক্ৰিয়া থমকি ৰ'ল ৷ ইয়াৰোপৰি  বৰাই কয় যে, কৃষি খণ্ডত নৱ প্ৰজন্মৰ অংশগ্ৰহণ লেখত ল’ব লগীয়া আৰু ই প্ৰমাণ কৰিছে ভৱিষ্যতৰ অৰ্থনীতিৰ বুনিয়াদ কৃষি খণ্ডত তুলি ধৰাত সফল হ'ব পৰা যাব ৷

মেলাৰ সৈতে সংগতি ৰাখি প্ৰস্তুত কৰা স্মৰণীকা উন্মোচন কৰি মুখ্যমন্ত্ৰী সোনোৱালে কৃষি বিশ্ববিদ্যালয়ৰ কৃষি বিজ্ঞানী সকলক কৃষক সকলৰ সৈতে পোন- পটীয়াকৈ যোগাযোগ ৰাখিবলৈ আহ্বান জনোৱাৰ লগতে কয় যে, কৃষি খণ্ডলৈ ডেকা শক্তি ওলাই আহি অসমৰ বজাৰ সমূহ অসমীয়া খেতিয়কেই দখল কৰিব লাগে । সোনোৱালে অনাগত দিনত পশু চিকিৎসা বিশ্ববিদ্যালয় নিৰ্মাণৰী আৰু ৰাজ্যৰ কৃষকৰ ধান অসমতে মিলিং কৰিবলৈ অসম চৰকাৰে ২২০টা ৰাইচ'মিল স্থাপন কৰাৰ কাম হাতত লোৱাৰ কথাও ঘোষণা কৰে ৷

কৃষিমেলা

ইফালে মেলাৰ সৈতে সংগতি ৰাখি ৰাজ্যিক ভিত্তিত বিভিন্ন বঁটা প্ৰদান কৰা হয় অনুষ্ঠানত । ৰাজ্যৰ শ্ৰেষ্ঠ পশুপালকৰ বঁটা পংকজ ছেত্ৰী, শ্ৰেষ্ঠ দুগ্ধপালকৰ বঁটা মঞ্জু শৰ্মা, শ্ৰেষ্ঠ ছাগলী পালকৰ বঁটা তনবীৰ হক, শ্রেষ্ঠ গাহৰি পালকৰ বটাঁ দময়ন্তি ৰামচিয়াৰী, শ্ৰেষ্ঠ হাঁহ কুকুৰা পালকৰ বটাঁ আমাজুদ্দিন চৌধুৰী, মেলাৰ শ্ৰেষ্ঠ বিপনীৰ বঁটা উদ্যান শস্য আৰু খাদ্য সংসাধন বিভাগলৈ আগবঢ়োৱা হয় ।

Your Comments