
আইএনএক্স মিডিয়া কেলেংকাৰীৰ গোচৰত তিহাৰ জেলত কাৰাবন্দী হৈ থকা প্ৰাক্তন বিত্ত মন্ত্ৰী পি চিদাম্বৰমৰ জামিন মঞ্জুৰ কৰা হৈছে।দেশৰ উচ্চতম ন্যায়ালয়ে চিবিআইৰ গোচৰত মঙলবাৰে তেওঁৰ জামিন মঞ্জুৰ কৰিছে।
ইফালে কাৰাবন্দী কংগ্ৰেছৰ জ্যেষ্ঠ নেতাগৰাকীয়ে চিবিআইৰ গোচৰত জামিন লাভ কৰিলেও মুকলি আকাশৰ তললৈ আহিব নোৱাৰে।কাৰণ চিবিআইৰ গোচৰত জামিন লাভ কৰাৰ পিছতে পুনৰ ইডিয়ে গ্ৰেপ্তাৰ কৰিছে প্ৰাক্তন বিত্তমন্ত্ৰী চিদাম্বৰমক।
উল্লেখ্য যে যোৱা ১৮ অক্টোবৰত আইএনএক্স মিডিয়াৰ গোচৰত গ্ৰেপ্তাৰ হৈ কাৰাবন্দী হৈ থকা কংগ্ৰেছ নেতাগৰাকীক জামিন প্ৰদান নকৰিবলৈ চিবিআইয়ে আদালতক আহ্বান জনাইছিল।কাৰণ,আইএনএক্স মিডিয়া গোচৰত পি চিদাম্বৰম,তেওঁৰ পুত্ৰ কাৰ্তি চিদাম্বৰমসহ মুঠ ১৫ জনৰ বিৰুদ্ধে তদন্তৰ প্ৰতিবেদন দাখিল কৰিছিল।
- Log in to post comments
- 18 views