পূৰ্ব-পৰিচয় বিচাৰি অগপলৈ কংগ্ৰেছৰ তিনিগৰাকী জ্যেষ্ঠ নেতা:১৪ অক্টোবৰত আনুষ্ঠানিক যোগদান

Agp

আঞ্চলিকতাবাদৰ কথা কৈ অসম গণ পৰিষদৰ বুকুতে ৰাজনৈতিক জীৱনৰ পাতনি মেলি পিছত ক্ষমতাৰ স্বাৰ্থত ৰাষ্ট্ৰীয়তাবাদী কংগ্ৰেছ শিবিৰত যোগদান কৰা বহুকেইজন কংগ্ৰেছী নেতা অচিৰে উভতিব জাতীয়তাবাদী শিবিৰলৈ।কংগ্ৰেছৰ ভাল দিনৰ সময়ত অগপ ত্যাগ কৰি কংগ্ৰেছী শিবিৰত অন্তৰ্ভুক্ত হোৱা ডাঃ জয়নাথ শৰ্মা, দুৰ্গা দাস বড়ো,অপূৰ্ব ভট্টাচাৰ্যৰ দৰে জ্যেষ্ঠ নেতাই 'অগপ'ত যোগদান কৰাটো প্ৰায় নিশ্চিত।অসম গণ পৰিষদৰ মুখপাত্ৰ মনোজ শইকীয়াই প্ৰকাশ কৰা অনুসৰি অহা ১৪ অক্টোবৰত অভয়াপুৰীত দলটোৰ ৩৫ সংখ্যক প্ৰতিষ্ঠা দিৱসত ডাঃজয়নাথ শৰ্মা,দুৰ্গাদাস বড়ো,অপূৰ্ব ভট্টাচাৰ্যকে ধৰি বহুকেইটা দলৰ নেতৃস্থানীয় ব্যক্তিয়ে যোগ দিব আঞ্চলিকতাবাদী অগপ দলটোত।

আনহাতে,গুৰুত্বপূৰ্ণ কথা এই যে এইসকল নেতাৰ উপৰিও অগপৰ প্ৰতিষ্ঠা দিৱসত কংগ্ৰেছ এৰি বহুকেইজন নেতাই আনুষ্ঠানিকভাৱে যোগদান কৰিব অঞ্চলিকতাবাদী দলটোত।

Your Comments