নলবাৰীৰ দিহজাৰী সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাৰ সোণালী জয়ন্তী মহোৎসৱৰ বিশাল আয়োজন

nlb

নলবাৰীৰ পৰা হেমন্ত কলিতাৰ প্রতিবেদন :

দুৰ্গোৎসবৰ পিছতেই এইবাৰ ধনৰ অধিষ্টাত্ৰী দেৱী লক্ষ্মীৰ  পূজাৰ আয়োজন চলিছে ৰাজ্যৰ চৌদিশে। তেনে সময়তে নলবাৰী জিলাৰ
দিহজাৰী গাঁওত ১৯৬৯ চনৰ পৰা চলি অহা দিহজাৰী সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী পূজাই এইবাৰ ৫০বছৰত ভৰি দিছেহি। এই উপলক্ষে আয়োজন কৰা হৈছে সোণালী জয়ন্তী মহোৎসৱৰ। অহা ১৩ অক্টোৱৰ পৰা ১৭ অক্টোৱৰলৈ পাঁচ দিনীয়াকৈ  বৰ্ণাঢ্য কাৰ্যসূচীৰে লক্ষ্মী মন্দিৰ প্ৰাংগণত সোণালী জয়ন্তী উদযাপন কৰাৰ বাবে প্ৰস্তুতি প্ৰায় সম্পূৰ্ণ কৰি তুলিছে  ৷ ইতিমধ্যেই ১৫ খনকৈ উপ- সমিতিসহ বৃহৎ আকাৰৰ এখন সাৰ্বজনীন শ্ৰী শ্ৰী লক্ষ্মী  পূজা সোণালী জয়ন্তী মহোৎসৱ  উদযাপন আৰু পৰিচালনা সমিতি গঠন কৰিছে ৷ উক্ত পৰিচালনা সমিতি খনৰ সভাপতি নৃপেন্দ্ৰ কুমাৰ ৰাজবংশী আৰু সাধৰণ সম্পাদক কেশৱ কলিতাই সংবাদ মাধ্যমৰ আগত সদৰি কৰা অনুসৰি ১৩ অক্টোবৰত ৰাতিপুৱা ৫ বজাত প্ৰাতঃ প্ৰাৰ্থনা, ৬ বজাত স্বচ্ছ দিহজাৰী অভিযান, ৭ বজাত ধৰ্ধধ্বজা উত্তোলন, ৮ স্মৃতি তৰ্পণ, ৮- ৩০ গছপুলি ৰোপণ আৰু সংৰক্ষণ, ১০ বজাত দেওঁবৰীয়া আড্ডা, ১১ বজাত আজীৱন দাতাৰ অন্তৰংগ  আলাপ আৰু সম্বৰ্ধনা  অনুষ্ঠান, ১২ বজাত বয়োজ্যেষ্ঠ ব্যক্তিক সম্বৰ্দ্ধনা,১২- ৩০ বজাত কণ কণ শিশুৰ চিত্ৰাংকন প্ৰতিযোগিতা, বিয়লি ১ বজাত কুইজ, আকস্মিক বক্তৃতা, কবিতা আবৃতি  প্ৰতিযোগিতা, বিয়লি ৪ বজাত মূখ্য তোৰণ উন্মোচন, ৪- ১৫ বজাত মিঠাভোগ বিতৰণ, ৪- ৩০ বজাত শ্ৰদ্ধাঞ্জলি অনুষ্ঠান, সন্ধিয়া ৫ বজাত মন্দিৰৰ দ্বাৰ উন্মোচন, ৫- ৩০ বজাত মুখ্য বন্তি প্ৰজ্বলন, ৬ বজাত আতচবাজী প্ৰজ্বলন, ৬- ১৩ বজাত দেৱীৰ প্ৰতিমা স্থাপন আৰু পূজা আৰম্ভ, ৬- ৩০ বজাত ছাত্ৰ- ছাত্ৰী আৰু মিষ্টাৰ এছিয়া অভিজিত দাসৰ সম্বৰ্দ্ধনা অনুষ্ঠান, নিশা ৯ বজাত প্ৰসাদ বিতৰণ, ৯- ৩০ বজাত মহাভোগ বিতৰণ ৷ ১৪ অক্টোৱৰ ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত ১০ বজাত দিহানাম প্ৰতিযোগিতা, বিয়লি ২ বজাত ওজাপালি  প্ৰদৰ্শন, সন্ধিয়া ৭ বজাত আৰতি প্ৰদান, নিশা ৮ বজাত সাংস্কৃতিক মঞ্চ উদ্বোধন, ৯ বজাত পূৱেৰুণ সংঘৰ সৌজন্যত পূৰ্নাংগ নাট প্ৰদৰ্শন ৷ ১৫ অক্টোবৰত ৰাতিপুৱা একেধৰণে প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত ৮ বজাত ভেশচন প্ৰতিযোগিতা, ৯ বজাত বিনামূলীয়া স্বাস্থ্য শিবিৰ, আবেলী ২ বজাত আধুনিক গীত আৰু লোকগীত প্ৰতিযোগিতা, সন্ধিয়া ৬ বজাত আৰতি প্ৰদান, ৬- ৩০ বজাত " স্মৰণিকা" উন্মোচন, ৭ বজাত আধুনিক নৃত্য প্ৰতিযোগিতা ৷ ১৬ অক্টোবৰত ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত  ৯ বজাত আয়তীৰ নাম, বিয়লী ২ বজাত জীৱন -- এক আলোকপাত সন্দৰ্ভত সভা ৷ ধৰ্মালোচনী সভাখনত নলবাৰী কলেজৰ সংস্কৃত বিভাগৰ মুৰব্বী অধ্যাপক মণি শৰ্মা শাস্ত্ৰী উপস্থিত থাকিব ৷ সন্ধিয়া ৫ বজাত নাগাৰা নাম পৰিবেশন আৰু নিশা ১২ বজাত প্ৰসাদ বিতৰণ ৷ ১৭ অক্টোবৰৰ ৰাতিপুৱা প্ৰাতঃ প্ৰাৰ্থনা, স্বচ্ছ দিহজাৰী অভিযানৰ পিছত  ৯ বজাত বাৰে-- ৰহণীয়া সাংস্কৃতিক শোভাযাত্ৰা হ'ব  ৷ শোভাযাত্ৰা খনি শুভাৰম্ভ কৰিব অভিনেত্ৰী কাজল শৰ্মাই , বিয়লি ১ বজাত মহাভোগ বিতৰণ, ৩ বজাত থিতাতে লিখা ৰচনা প্ৰতিযোগিতা, সন্ধিয়া ৫ বজাত সাজ পাৰ প্ৰতিযোগিতা, ৬ বজাত সাংস্কৃতিক সন্ধিয়া উদ্ধোধন, তাৰ পিছতে ৮ বজাত সাংস্কৃতিক সন্ধিয়াত শিল্পীদ্বয় দীক্ষু শৰ্মা আৰু কিমি বৈশ্যই গীত পৰিবেশন কৰিব আৰু তাৰ পিচতে সামৰণি পৰিব ৷ দিহজাৰী সাৰ্বজনীন  শ্ৰী শ্ৰী লক্ষ্মী পূজা সোণালী জয়ন্তী মহোৎসৱ  উদযাপন পৰিচালনা  সমিতিয়ে সমুহ ৰাইজৰ উপস্থিতি অাটাইকেইটা দিনৰ সকলো কাৰ্য্যসূচীত শ্ৰদ্ধাৰে কামনা কৰিছে ৷

Your Comments